আত্মীয়তাত এটি জাৰজ কবিতা~জহিৰুল ইছলাম

©Admin
0


                        
অন্ধকাৰত পোত যোৱা এটি নিশা
 নিশাটোৰ বাগৰ সলোৱাৰ কচৰৎত 
শব্দই মেৰিয়ায় কাৰোবাৰ দুখৰ অৰণ্য ৷

ৰাতি হ'লেই দুখবোৰে মেলা পাতে 
নিলামী হয় সুখৰ ফটা-ছিগা কামিজযোৰ

আদ্ৰ গোন্ধ----"
এন্ধাৰ-পোহৰৰ মিশ্ৰিত বিলাস
বিলাসীতাত এটি,-"জাৰজ আত্মীয়তা"

পৰিধিৰ শেষ প্ৰান্তত
সপোনবোৰ বাস্তৱৰ ঘৰ্ষণত
বন্ধকী বিবেকে
নৈতিকতা ধোঁৱাচাঙত থৈ
দুচকুত উৰুৱাইছে নিৰ্লজ্জতাৰ উৰন্ত নিচান
পিঠিত লগা ঘাঁ
খজুৱতিত বয় কেঁচা তেজৰ সোঁত
সোঁতত হেৰুওৱা  অতীত।
নৈতিকতা এতিয়া আত্মহত্যাৰ নিলামী ঘোঁৰা।
এটি আধা লিখা কবিতা।

🖊️জহিৰুল ইছলাম                                         গোৱালপাৰা

     


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)