এটা চহৰ
যান্ত্ৰিক কোলাহলত হেৰাই নোযোৱা আত্মীয়তাত
মুগ্ধ চাহিদা।
চহৰত হেনো মানুহ নেথাকে---
নহয়তো সেয়া মিছা অপবাদ?
যান্ত্ৰিকতাই কোঙা কৰা মানৱতা
এতিয়াও সাৰে আছে সদম্ভে স্ব মহিমাৰে
মৰমৰ নেহা,
মোৰ ভ্ৰাম্যমাণ হৃদয়ৰ অগণিত ভালপোৱা আৰু আন্তৰিকতা গ্ৰহণ কৰিবা। তুমি কেনে আছা, আছানে কুশলে? ময়ো তুমি ভবাৰ দৰেই শান্তিৰে পাৰ কৰিছোঁ সময়বোৰ। যদিও তুমি নোহোৱা ক্ষণবোৰত আকুল হও সুঁৱৰি তোমাৰ সান্নিধ্য। আজি দুটা মাহ পাৰ হৈ তিনিমাহৰ প্ৰথমটো দিনৰ শেষত ধৰালৈ নামিছে প্ৰথমটো নিশা। বিচাৰিও বিফল তোমাৰ অপেক্ষাৰত ক্ষণলৈ। সেয়েহে চিঠিৰ ভাজত কিছু স্পৰ্শৰ সুবাস দিয়াৰ প্ৰয়াস। হয়তো চিঠিখনে তোমাৰ আকুলতাৰ আঁৰত ব্যকুলতা বঢ়াব দ্বিগুণে। তথাপি পঢ়িবা হৃদয়ে বিচৰাকৈ।
প্ৰতি দিনৰ দৰেই দিনটোৰ ব্যস্ততাৰ শেষত এদিন সন্ধিয়া। আন দিনৰ দৰেই সিদিনাও সংগোপনে নামি আহিছিল নিশাৰ পূৰ্বৰাগ। পূৰ্বৰাগত বে-হিচাবী ব্যস্ততা। চিনাকি মুখবোৰ অচিনাকি আৰ্ত চিৎকাৰত গঢ়ি তোলা মৌনতাৰ বিশাল অৰণ্যত মই এবাৰ হেৰুৱাই চাইছিলো নিজকে। অনুভৱ কৰিছিলোঁ জীৱন বাস্তৱতাৰ জীৱন্ত অভিজ্ঞতা।
ৰজাঘৰীয়াৰ আবাস স্থল। কাষত ব্যস্ত ৰাজপথ। সুউচ্চ দেৱালৰ আচ্ছাদনত প্ৰাসাদবোৰ থিয়দি আছে স্থিৰচিত্তে। তাতেই প্ৰতিদিনে বসন্ত নামে, সিহঁতে বিচৰাকৈ। যেন প্ৰতিটো দিনে কঢ়িয়াই আনে সিহঁতৰ বাবে ক্ষমতাৰ দূৰন্ত ফাগুন। ৰাজপথৰ দুকাষৰ পদপথত এদ'ল মানুহ। নিষ্ঠুৰ সময়। আজি বিতৃষ্ণা আৰু আত্মঘৃণাৰ দগ্ধ ধোঁৱাই ধূসৰিত কৰি সিহঁতক ঠেলি দিছে অন্ধকাৰ জীৱনলৈ। চিন্তাক্লিষ্ট সিহঁত। দুচকুত বিৰিঙি উঠিছে হেৰুৱা যন্ত্ৰণা, অনিশ্চিত ভৱিষ্যত। লক্ষ্যহীন খোজ, খোজত দৃশ্যমান মদপীৰ অস্থিৰতা। মই বহি আছিলোঁ সিহঁতৰ ওচৰতেই সিহঁতে নেদেখাকৈ। হঠাৎ কি হ'ল জানানে? মোৰ অনুভৱে চিঞৰি উঠিছিল সেই দৃশ্য দেখি। হয়তো দোষ সিহঁতৰো নহয়, দোষ সময়ৰ।
"স্বাৰ্থপৰ মানুহে সেই সময়লৈকে নিস্বাৰ্থতাৰ মুখা পিন্ধি থাকে যেতিয়ালৈকে নিজৰ স্বাৰ্থ পূৰণ নহয়। যিটো কেৱল গৰিহণাৰ যোগ্যই নহয় ঘৃণনীয়ো।"
-----"হয়তো এয়াই মুখাৰ আঁৰৰ কেনভাচত অভদ্ৰতাৰ নাঙঠ দৃশ্য। দৃশ্যপটত অৱজ্ঞাৰ লেকামহীন আচৰণ"।
চহৰৰ নিলগত এটি ভঙা পঁজা। মাহৰ শেষত ভাৰা হিচাপে দহ কুৰি টকা। ভেঞ্চাৰ শিক্ষক এজনে ইয়াতকৈ আৰাম আৰু বেছি ভাৰাৰ ঘৰত থাকিব পৰাটো কল্পনাৰো অগোচৰ। এইবোৰ শুনিলে তুমি হয়তো দুখ পাবা। সেয়েহে নকওঁ মোৰ ভঙা পঁজাৰ বিননি।
নীলিম আকাশত জ্বলি থকা জোনৰ শুভ্ৰ পোহৰ এছাটি খিৰিকীৰ ফাঁকেৰে আহি নীৰৱে সোমাইছে মোৰ বিশৃংখলিত শোৱাপাটিত। পোহৰৰ প্ৰয়োজনত জ্বলোৱা অৰ্ধ গলিত মমৰ পোহৰ ছাটিয়ে গণিছে ক্ষণ অন্তিম সময়লৈ। মাঘৰ শেষৰটো সপ্তাহৰ আজি শেষৰটো নিশা। শীতৰ প্ৰচণ্ডতা কমি ফাগুনৰ উক-মুকনিত সজাল হ'ব ধৰিছে চৌপাশ। আজি কামনাৰ স্পৰ্শই মোৰ শেঁতা পৰা কলিজাত নমাই আনিছে উতলা ফাগুন। যদিও সমীৰণত এতিয়াও ক্লিষ্টতাৰ কেচেমা কেচেম গোন্ধ। মদাৰ ফুলিলেই ৰঙা হ'ব হয়তো শেঁতা পৰা কলিজা।
যদিও------। আজি অনুভৱৰ দলিচাখনত নানাৰঙী অনুভৱে খেলিছে অনুভৱৰ খেলা। তুমি নাই নহয়,সেয়ে। সময় নিশা এক বাজি ত্ৰিছ মিনিট। দিনটো বিৰামহীন ব্যস্ততা। ভাগৰুৱা দেহা। উজাগৰৰ তীব্ৰতাত হৈছে কোঙা। চিঠিখন আৰম্ভ হৈছে নে, শেষ ধৰিব পৰা নাই। যিকিনহওক, তুমি ঘৰত হাঁহি মাতি থাকিবা। মোৰ বৃদ্ধা আইজনীৰ খবৰ ৰাখিবা। নিজৰ লগতে তোমাৰ কলিজাহঁতৰ যতন নোলোৱাকৈ নাথকিবা । মোৰ কথা সুধিলে সোনকালেই আহিম বুলি ক'বা। যদিও জীৱনৰ গতি পাবলৈ আৰু কিছু দিন লাগিব। বিশেষ নাই।
পুনৰ:-
"জন অৰণ্যত শূন্যতাৰ কোলাহল
তুমি থাকিলেওচোন তুমিহীন হৈ উঠে গধূলিবোৰ
বিচাৰি সুবাস ৰঙা গোলাপৰ
কাঁইটৰ শংকা
মোৰ নতুবা তোমাৰ তৃষ্ণাৰ্ত বিলাপ।
"আত্মীয়তাত আত্মবিলাপৰ আচ্ছাদিত কলৰব
সমদলত সৌজন্যতাৰ বিষাদ, আবেগৰ লয়লাস
সিহঁতৰ শেষ হ'ব ধৰা এখন নাটক
দৃশ্যপটত দৃশ্যহীন দৃশ্যৰ দৃষ্টিনন্দন ধুমুহা।"
অলেখ মৰম আৰু ভালপোৱাৰে
বিনয়াবনত
তোমাৰ দিগন্ত
(জীৱন সংগী)
✍️জহিৰুল ইছলাম,
গোৱালপাৰা,দিছপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ