ভালপোৱা~চুটিগল্প-পম্পী দুৱৰা

©Admin
0
নীলাই ট্ৰেইনৰ আগত পৰি আত্মহত্যা কৰিলে ।কলেজ কেম্পাচত সোমাইয়ে কথাটো গম পালে। বিশ্বাস কৰিব পৰা নাই তাই। ক্লাছ নকৰাকৈ লৰালৰিকৈ ৰুমলৈ গ'ল ।ৰাতিপুৱা ঘৰলৈ বুলি ওলাই যোৱা ছোৱালীজনী ঘৰলৈ নগৈ আত্মহত্যা কৰিলে কিয়? যোৱা ৰাতি তাই লগত পতা কথাবোৰ মনত পৰিল ।"মিতু আজি মই বহুত সুখী ।মোক ৰণে বিয়া কৰাব ।সি কোৰ্ট মেৰেজ কৰিবৰ বাবে মোক মাতি পঠাইছে ।বাকী সকলো কাম সি কৰি থৈছে । মই কালিলৈ ৰাতিপুৱা ৬ বজাৰ ট্ৰেইনত ঘৰলৈ যাম ।পৰহিলৈ কোৰ্ট মেৰেজ হব। মই মামা-মামীক জনালোঁ তেওঁলোকৰ কোনো আপত্তি নাই। মোৰ ভালপোৱাই স্বীকৃতি পাব । মই এটা পৰিয়াল পাম।মই আজি বহুত সুখী।এইদৰে কৈ কান্দি পেলাইছিল তাই। হঠাতে কি হ'ল ? কিয় এনেকুৱা কৰিলে তাই ? ভাৱি ভাৱি কেতিয়া ৰুম পালে গমেই নাপালে ।

    ৰাতিপুৱা মিতু উঠাৰ আগতে তাই ওলাই গৈছিল ঘৰলৈ বুলি। মিতুৰ ৮ বজাত ক্লাছ থকা বাবে লৰালৰিকৈ কলেজলৈ ওলাই আহিলে। ক্লাছ শেষ কৰি তাইক ফোন কৰিম বুলি। কিন্তু তাইচোন ঘৰলৈ নগ'ল। মিতুৱে নীলাৰ বিচনা খনলৈ চালে। বিচনাখন সুন্দৰকৈ পাৰি থোৱা আছে আৰু গাৰু তলত এখন আধা খোলা কাগজ। কাগজ খন হাতত লৈ মিতুৱে এফালৰ পৰা পঢ়ি গ'ল- "মিতু অজানিতে হোৱা ভুলবোৰ ক্ষমা কৰিবি। মই তহঁত চবকে মিছা কৈছিলো মা -দেউতাক সৰুতে ঢুকুৱা বুলি। সঁচা এইটো যে মোৰ মা-দেউতা কোন মই নিজে নাজানো । সৰুতে কোনোবাই ডাষ্টবিনত পাই অনাথ আশ্ৰমত চমজাই দিছিল।মোৰ কোনো মামা- মামী নাই। তহঁতক মিছাকৈ কৈছিলো কিজানি মই অনাথ বুলি , মোৰ কোনো পৰিচয় নাই বুলি জানিলে মোক তহঁতে ইতিকিং কৰিবি। ৰণক এইসকলো কথা কৈছিলো। সি মানি লৈছে বুলি ভাবিছিলো কিন্তু সি মোক মানি লোৱাৰ অভিনয় কৰি দেখুৱাইছিল। তাৰ প্ৰেমিকা মই নহয় অন্য কোনোবা হে। কোৰ্ট মেৰেজ মোৰ লগত নহয় তাই লগত হে হ'ব। তই শুই যোৱাৰ পিছত মোক ফোন কৰি এইবোৰ কথা জনাইছিল। ইয়াৰ পিছত মই কেনেকৈ জীয়াই থাকো ক , তাক যে বহুত ভাল পাইছিলো। তাৰ মাজত বিচাৰি পাইছিলো জীয়াই থকাৰ সাহস, প্ৰেৰণা। কিন্তু এইয়া তাৰ অভিনয় হে আছিল। তাক সঁচা অন্তৰে ভালপাইছিলো কিন্তু তাৰ পৰা সঁচা ভালপোৱা নাপালোঁ। ভালপোৱা চাগৈ এনেকুৱাই। কাৰোবাৰ প্ৰতি এই ভালপোৱা জাগিলে আজীৱন লগতেই থাকি যায় আৰু কেতিয়াবা এই ভালপোৱাৰ বাবে নিঃশেষ হয় বহু জীৱন। যেনেকৈ আজি মই শেষ হব ওলাইছো। আপোন বুলি যাৰ বুকুত অলপ আশ্ৰয় বিচাৰিছিলাো সিও মোৰ লগত খেল খেলিলে, ভালপোৱাৰ খেল।নোৱাৰো আৰু নিজকে যন্ত্ৰ সজাই অভিনয় কৰিব । ভালকৈ থাকিবি। তোৰ দৰে সাহসী বান্ধৱী এজনীৰ লগত থাকি অলপ সাহস পাইছিলো আগুৱাই যাবলৈ।নোৱাৰিলো আৰু অভিনয় কৰিব। সেয়ে যাব ওলাইছো। বিদায় এই জীৱন আৰু বিদায় মিতু।মোৰ স্মৃতিবোৰ মচি দিবি নহলে তইয়ো কষ্ট পাবি।তই এইখন পোৱালৈ মই আৰু নাথাকিম। বাই, বাই । " 

      কাগজখন পঢ়ি মিতুৰ কাণত এটাই প্ৰশ্ন প্ৰতিধ্বনি হ'ল -কিয় এই ভালপোৱাবোৰে পৱিত্ৰতা পোচাক সলাই কৃত্ৰিম আৰু যান্ত্ৰিকতাৰ পোচাক পিন্ধিলে ? উত্তৰবিহীন হাজাৰটা প্ৰশ্নই জোকাৰি গ'ল তাইক। কাণত বাজি উঠিল জুবিন দাৰ সেই গীতৰ কলিটো-"কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ যায়,
 কিয় এনেকৈ আপোনজন অচিনাকী হৈ যায়,  
কিয় এনেকৈ জীৱন হেৰাই ,
 সময়ৰ প্ৰতিটো খোজত।"

✍️পম্পী দুৱৰা
নামতি , শিৱসাগৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)