গোপনে গোপনে মোৰ পদূলিত
কিয়নো আছহি ৰৈ,
কাবৌ কৈ মাতিছোঁ প্ৰেমিক ফাগুন
আহ চোন মোৰ কাষলৈ ।
পছোৱাৰে চুলি আউল লগাই
বুকুৰ আঁচল নিবি উৰুৱাই ,
ৰিঙা ৰিঙা মন ৰঙেৰে ৰঙাই
দিবিহিনে হিয়া প্ৰেমেৰে বোলাই ?
ৰিমঝিম বৰষুণক নূপুৰ পিন্ধাই
শুকান বনত সেউজ বোলাই,
কপৌ কেতেকী ফুলক দে হি জগাই
বসন্তৰ বতৰা আন কঢ়িয়াই ।
তোৰ বাবেই মই আছো যে ৰৈ
ৰিক্ত হিয়াৰ দুৱাৰ খুলি লৈ ,
পলাশ ৰঙীণ প্ৰেমৰ ফাগুন
আহ চোন তই মোৰ কাষলৈ ।।
✍️মনচুমী কলিতা নাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ