মৰমৰ
মানস,
প্ৰথমেই মোৰ আন্তৰিক মৰম আৰু ভালপোৱাবোৰ তোমালৈ পঠালো , আশাকৰো সাদৰেৰে গ্ৰহণ কৰিবা। বৰ্তমান মই এই সংসাৰত কিবা কৰি জীয়াই আছো; ভাল বেয়াৰ মাজতে। আশাকৰো তোমাৰ ভাল নিশ্চয়!!তুমিতো স্বপ্নৰ নীল সাগৰত ডুব গৈ নানান ৰঙীন সপোন ৰচি আছা!
তোমাৰ মনত নপৰে নিশ্চয় নহয়নে আমাৰ আগৰ কথাবোৰ!পৰিলেতো চিঠি এখনকে দিব পাৰিলাহেতেন নতুবা মেছেজ এটাকে দিব পাৰিলাহেতেন!কিয় বাৰু তুমি মোক ইমান সোনকালে পাহৰি
গৈছা??
জানা মানস মই যদিও এতিয়া
বিবাহিত অনন্তৰ পত্নী তথাপিও মোৰ মনত বা অন্তৰৰ প্ৰতিটো কোনত তোমাৰেই স্মৃতি বিৰাজমান হৈ আছে ! মোৰ মনত অলপো সুখ-শান্তি নাই জানা!
অনন্তৰ লগত মই আছো যদিও এনেই সমাজক দেখাইহে আমি স্বামী-স্ত্রী জানা!তেওঁ মোৰ লগত কোনো সম্পৰ্ক ৰাখিব নিবিচাৰে;মানে মোৰ কাষেই চাপিব নিবিচাৰে। তেওঁক মই যিমানে নিজৰ কৰি ল'ব বিচাৰো সিমানে তেওঁ ব্যৱধান
হৈ চলে কিয় নাজানো।
জানা মানস তুমি হয়তো
নুবুজিবা মই যে কিমান
পুঞ্জীভূত বেদনা লৈ জীয়াই আছো!বুকুৰ মাজত যেন একুৰা জুই জ্বলি থাকে। তোমাক নোপোৱাৰ বেদনাত মই যেন কোনোবা দিনা জ্বলি জ্বলি শেষ হৈ যাম। কেতিয়াবা
অনন্ত ৰাতি বহুত দেৰিকৈ ঘৰত আহে নিচাসক্ত হৈ, মায়ে ৰৈ ৰৈ ভাত খাই শুই যায় যদিও মোক মাজে মাজে আহি কয় ভাত খাই ল'বলৈ। মই তেওঁ আহিলে খাম বুলি
কওঁ আৰু ইয়াৰ পিছত মোৰ
খোৱাই নহয়। তেওঁ আহি কেতিয়াবা ভাত খায় আৰু কেতিয়াবা নাখাই। মোক একো মাতবোল নকৰে। জানা বিয়া হোৱা দিন ধৰি অনন্ত ই আজিলৈকে মোৰ লগত ভালকৈ কোনো কথাই পতা নাই। কিবা ক'লেও বেয়াকৈ কৈ গালি-গালাজহে পাৰে। কেতিয়াবা বাবাৰ আগতে মোক বহুত বেয়া ব্যৱহাৰ কৰে।
জানা! মই অকলে তাৰ যত্ন
লওঁ,তেওঁ অলপো সহযোগ নকৰে জানা!
কি মানস, তুমি বাৰু এদিন ইয়াত আহিবানে? দুয়ো লগ হৈ
মনৰ কিছু কথাকে পাতিম! অ 'তোমাৰ বিয়াখনৰ কি হ'ল? ঠিক হৈছিল নহয় কেতিয়াকৈ হ'ব মোক জনাবা।তোমাৰ শুভ পৰিনয়ৰ বাবে শুভেচ্ছা থাকিল। মোৰ বিয়াত
তুমি নাহিলা, কিন্তু তোমাৰ বিয়াত মাতিবা, মই নিশ্চয় যাম। দুখ নকৰিবা, এই জীৱনত দুয়ো লগ হ'ব নোৱাৰিলো যদিও পিছৰ জীৱনত আমি দুয়ো লগালগি হ'ম। শেষত মোৰ হিয়াভৰা মৰমেৰেই আজিলৈ আহোঁ।
ইতি
তোমাৰ স্বপ্না।
🖋️ৰুনু দেবী শর্মা
গুৱাহাটী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ