প্ৰেমৰ বতাহজাকক সুধিলো
তুমি মোৰ প্ৰশমন প্ৰেমিক?
কলে ,
কাঁচিয়লি ৰ'দজাকক সোধা---
আশাবোৰ বোকোচাত
পাখি মেলি উৰা মাৰিলে
অতৃপ্ত বাসনা
বুকুত উজাগৰী আশা
আন্ধাৰ নামিল।
নিশাটো ভাবিলো
যেতিয়াই মন যায়
নিজৰ গাৰুটোক
প্ৰশ্ন কৰিলোঁ
মোৰ টোপনি নাহে,
বেশ্যা সাথৰ
এটাই আমনি কৰে,
সিও কবিতাই আছিল
বুকুৰ কথাবোৰ
কবিতাই নলয় বোজা
কবিতাৰো আছিল এটা
ডাঙৰ আশা।
✍মিনাক্ষী বৰুৱা সূত
লক্ষীমপুৰ,ঘিলামৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ