শেষ হোৱাৰ উপক্ৰম হৈছে
শীতৰ হিংসাত্মক আক্ৰমণ
ৰুগ্ন আই আৰু নীহালিৰ
মাজনিশা অবৈধ উৎসৱৰ আয়োজন।
গাভৰু পথাৰৰ বুকুত
এতিয়া বলিছে ধূসৰ ধূলিৰ ঢল।
পৰাশৰ ৰং সানি
আবেলিৰ আকাশে
ফাগুনৰ বতৰা দিয়ে
নাহৰৰ কুঁহিপাতে
অচিনাকি বাটৰুৱাৰ
মন মতলীয়া কৰে।
ফাগুনৰো নিজা সৌন্দৰ্য্য আছে
কবিৰ কাণে কাণে ফাগুনে, তাকেই ক'লে।
পুৱাৰ কিৰণ খেদি
ভাগৰুৱা জিঞাজনী
ফাগুনৰ দুপৰীয়া জিৰণি ল'লে ।
✍️বিকি নেওগ।
বৰখঙীয়া গাঁও
পশ্চিম যোৰহাট-১৭
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ