নীহাৰিকা~কবিতা-সৌৰভ কুমাৰ বৰুৱা

©Admin
0
পশ্চিমৰ এমুৰে এটা বিন্দুত
চটফটাই থকা মোৰ অতীতক
শৰবিদ্ধ কৰিলো

আনটো মূৰৰ
ধূসৰ ভৱিষ্যতকো
একেই দশা কৰিলো ।

দক্ষিণৰ এটা বিন্দুত
নৃত্যৰত দুখবোৰ
স্তব্ধ কৰি দিলো

উত্তৰৰ আনটো বিন্দুৰ
সুখবোৰ !
ওহোঁ ! আনটো বিন্দুত
মাথো এছমকা নিহাৰিকা ।

মাজত সৌৱা গভীৰ হ্রদত
সুন্দৰী গাভৰুৰ কাজল সনা
লুটিয়াই লোৱা এটা চেলাউৰীত বহি কেৱল ভাঁহি আছো

হেঙুল-হাইতাল সানি ঘৰমুখী বেলিৰ
পশ্চিমত দূৰৰ সৌ 
হোলোঙ জোপাৰ
ফেৰেঙণিত অলপ জিৰণি ।

অলপ পিছতে জাৰণিৰ সিপাৰলৈ
জপিয়াই দিব ।

✍সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)