আমি আটায়ে এটা
এলবামৰ মাজত আৱদ্ধ,
হেজাৰ চেষ্টা কৰিও এলবামৰ সীমা
অতিক্ৰম কৰিব নোৱাৰি।
এলবামৰ ভিতৰত
হাঁহি-তামাছা,বিৰহ-বেদনা,
এলবামৰ ভিতৰত
সুখ-সমৃদ্ধিৰ জীৱন ৰচনা।
এলবামৰ ভিতৰত...
কোনোৱে আৰ্জিছে বৌদ্ধিক ক্ষমতা,
কোনোৱে আকৌ অনুভৱশীলতা।
কোনোৱে নিবিষ্ট সমাজ গঢ়াৰ প্ৰতীতিত,
কোনোৱে আকৌ জীৱন গঢ়াৰ সুকৃতিত।
এলবামৰ ভিতৰত...
কোনোৱে পাতিছে হিংসাৰ ঝংকাৰ,
কোনোৱে কৰিছে ঐশ্বৰ্যৰ অহংকাৰ।
সংসাৰৰ লালসাত মুক্ত পক্ষীৰ দৰে উৰি ফুৰিছে,
অনিবাৰ্য মৃত্যুক চিৰদিনৰ বাবে পাহৰিছে।
এদিন,দুদিন,তিনিদিন কৰি
সময় যায় বাগৰি,
চুটি হয় এলবামৰ পৰিধি,
চাপি আহে মৃত্যুৰ সমাধি।
এলবামৰ পৰিধিয়েই আমাৰ
ক্ষুদ্ৰ জীৱনৰ সীমনা,
ইয়াক লৈ আঁকিছা কিমান
ৰং-বিৰঙৰ বাসনা ?
✍️আজিজুৰ ৰহমান
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ