তোমাৰ বাবে-পূৰৱী তালুকদাৰ

মোৰ অস্থিৰ মনত
নিবিড় মৰমৰ বান্ধোন
তুমি মোৰ পৰা বহু দূৰৈত ।
মোৰ ৰিক্ত হৃদয়ে 
বাৰে বাৰে কয়
অহাই হ'লে তুমি 
মোৰ কাষলে'
জানা ক'ত কথা
ভাষাৰ সফুঁৰা মেলি
হৃদয় উজাৰি দিওঁ
মৰম ব‍্যথাৰ আৱেগ
ই যে নহয় গলিত ধাতু,
স্তুপীকৃত মনৰ মায়াজাল
মাথোঁ তোমাৰ বাবে।

✍পূৰৱী তালুকদাৰ ।
                          

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send