নি:শব্দ~উৎপল মৰাং

Rinku Rajowar
0
🖋️উৎপল মৰাং
দেৰগাঁও,গোলাঘাট

প্ৰকৃতিৰ উমাল বুকুৰ প্ৰতিটো
নিয়ৰৰ টোপালত হেঁপাহৰ এটি মাথো
তৰা নি:শব্দ হৈ ৰৈছে,
জোনাকী পৰুৱাৰ প্ৰতিটো মাত
নি:শব্দ হৈ ৰৈছে।
বুকুচা লৈ শব্দবোৰ মচি দিলো,
উমমম...
তুমি আজি অহাৰ শব্দ নাই।
আন্ধাৰৰ নিচুক কোলাত সাবতিছো
শব্দবিহীন এটি সুৰ,
সুৰৰ মাজতে বিচাৰিছিলো,
তোমাৰ সুকোমল হাতৰ পৰশ।
নাই;নাই আজি কোনো মোৰ
নিজানৰ লগৰী
বিচাৰি বিচাৰি ৰুদ্ধ মোৰ মন।
উমমম....
আজিও ভাবো তোমাক মই,
তুমি যেন;
অলকানন্দা ফুলৰ পাহি।
অনিৰুদ্ধ মই, 
বিচাৰো ঊষাৰ মৰম।
জংকি-পানৈ মই,
যাব খোজো বিলিন হৈ,
নি:শব্দতাৰে বৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)