মই জানো এইবাৰো তুমি আহিবা ।
মোৰ অপেক্ষাৰ অন্ত পেলাই
তোমাৰ খোজ পেলাবলৈ বেছিদিন নাই
কিন্তু মোৰ ভয় লাগে জানা
মোৰ বুকুত এতিয়া অন্ধকাৰ।
কোনে জানে এইবাৰো কিজানি
তুমি মোৰ সৰুকৈ সজা পঁজাটোক
তচ নচ কৰি যোৱা আগৰদৰে
মোৰটো উচুপনিত তুমিটো ৰৈ নোযোৱা
দুখ লাগে সেইবাবেহে জানা
তথাপিও তুমি আহিবা
চাই যাবাহি চিকুন কৰি ৰখা মোৰ পদুলি মুখ
যোৱাবাৰ তুমি খহাই থৈ যোৱা গছপাতবোৰ।
আকৌ ঠন ধৰি উঠিছে
তুমি অহাৰ অপেক্ষাত
মই জানো ,ফাগুন তুমি আহিবা।
✍️ নৱনীতা হাজৰিকা