নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছত নিম্ন উল্লেখিত আইনগত বিষয়বোৰ কাৰ্য্যকৰী হয় | নিৰ্বাচনৰ অধিনিয়ম সমূহ বিশেষকৈ Representation of People Act1951 & IPC sec 171 (A-I ) ধাৰাৰ দ্বাৰা পৰিচালিত হয়। জন প্ৰতিনিধিত্ব আইন ১৯৫১ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ প্ৰয়োজনীয় কেইটামান দফা এনেধৰনৰ:
১/ যদি কোনো ব্যক্তিয়ে কোনো শ্ৰেণী বা ব্যক্তিৰ মাজত কিবা বক্তব্যৰ জৰিয়তে সামগ্ৰীক উত্তেজনা ৰ সৃষ্টি কৰে, তেন্তে u/s 125 RP act মতে জগৰীয়া কৰা হব।
২/নিৰ্বাচনৰ প্ৰচাৰ ৪৮ ঘন্টাৰ আগতে বিয়লি ৫ বজাৰ ভিতৰত সমাপ্ত হব | সেই নিৰ্নায়ক সময়ৰ পিছতো যদি কোনো ধৰণৰ প্ৰচাৰ পতক্ষ্য বা পৰোক্ষ হয় সেই ব্যক্তিজনৰ আইনৰ u/s 126 RP act মতে অপৰাধ বুলি গন্য হব | উল্লেখযোগ্য যদি অন্য সমষ্টিৰ কোনো ব্যক্তি নিৰ্বাচনত প্ৰচাৰৰ বাবে ভাগ লবলৈ আহিছিল, সেই নিদ্বাৰিত সময়ৰ ভিতৰত আতৰি নিজা সমষ্টি বা নিৰ্বাচন নোহোৱা স্থানলৈ যাব লাগিব।
৩/ যদি কোনো ব্যক্তিয়ে বা নিউজ চেনেল বা প'ৰটেল নিউজে নিৰ্বাচন প্ৰক্ৰিয়া চলি থাকোঁতে exit poll সম্পৰ্কীয় সাম্ভাব্য তথ্য কোনো সামাজিক মিডিয়াত প্ৰচাৰ কৰে, তেন্তে তেনে ব্যক্তিজনক আইনৰ u/s 126(A) R P act ত অপৰাধ কৰা বুলি গণ্য কৰা হয় |
৪/ যদি কোনো ব্যক্তিয়ে কাৰোবাৰ নিৰ্বাচনী প্ৰচাৰত বা মিটিংত বাধা প্ৰদান কৰে তেন্তে তেনে ব্যক্তিয়েআইনৰ u/s 127R P act মতে অপৰাধ কৰা বুলি গণ্য কৰা হয় |
৫/কোনো ব্যক্তিৰ চৰিত্ৰ হনন বা বিকৃত ফটো কোনোবাই পোষ্টাৰিং কৰিলে বা পত্ৰ ৰাজহুৱা কৰিলে আইনৰ u/s 127(A)R P act মতে অপৰাধ কৰা বুলি গণ্য কৰা হয় |
৬/ ইলেকচনৰ দিনা ভোট গ্ৰহণ কেন্দ্ৰৰ এশ মিটাৰৰ ভিতৰত কোনো ধৰণৰ ম'বাইল বা ইলেকট্ৰনিক দূৰভাষ যন্ত্ৰ নিয়াটো বা কাৰোৱাৰ কথোপকথন লোৱাত বাধা আছে, যদি কোনোবাই সেই কাম কৰে, তেন্তে আইনৰ u/s 130R P act মতে অপৰাধ কৰা বুলি গণ্য কৰা হয় |
৭/ কোনো ব্যক্তিয়ে যদি ভোট গ্ৰহণ কেন্দ্ৰৰ চৌহদত বিভিন্ন ধৰণৰ অসৎ আচৰণ কৰে, তেন্তে তেনে ব্যক্তিয়ে আইনৰ u/s 132R P act মতে অপৰাধ কৰা বুলি গণ্য কৰা হয় |
৮/ যদি কোনো ব্যক্তিয়ে গাড়ী দি ভোটাৰ অনা -নিয়া কৰে, সেই কামত ব্যৱহাৰ কৰি থাকে, তেন্তে তেনে ব্যক্তিক আইনৰ u/s133 R P act মতে অপৰাধী বুলি গণ্য কৰা হয় | এই ক্ষেত্ৰত গাড়ী জব্দ কৰা হব আৰু নিৰ্বাচন প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত জিম্মাত নাপায় |
৯/ যদি কোনো চৰকাৰী বিষয়া ৰাজনৈতিক দলৰ নিৰ্বাচনী এজেন্ট হিচাপে নিযুক্ত হয়, তেন্তে এইয়া আইনৰ u/s 134(A)R P act মতে অপৰাধ কৰা বুলি গণ্য কৰা হয় |
১০/ যদি কোনো ব্যক্তিয়ে E V M কাঢ়িবলৈ বা ভোট গ্ৰহণ কেন্দ্ৰ নিজা আয়ত্বলৈ আনিব চেষ্টা কৰে তেন্তে আইনৰ u/s 135(A)R P act মতে অপৰাধ কৰা বুলি গণ্য কৰা হয় |
তাৰো পৰি ভাৰতীয় দণ্ডবিধি আইনৰ 171( F) ধাৰা মতে কাৰোবাৰ ঠাইত কোনোবাই ভোট দিবলৈ চেষ্টা কৰি ধৰা পৰিলে তেনে ব্যক্তিয়ে এই ধাৰাত অপৰাধ কৰা বুলি গণ্য কৰা হয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ