বড়োসকল অসমৰ প্ৰাচীনতম বুৰঞ্জীপ্ৰসিদ্ধ সৰ্ববৃহৎ জনগোষ্ঠী। তেওঁলোক বৃহত্তৰ মংগোলীয় প্ৰজাতিৰ অন্তৰ্গত আৰু ভাষাৰ ফালৰপৰা তিব্বতবৰ্ম্মী ভাষা। নেতৃত্ববিদসকলৰ মতে বড়োসকলৰ প্ৰাচীন আদিভূমি তিব্বতেই আছিল, সেই হেতুকে তেওঁলোক বোড আছিল। এই 'বোড' শব্দৰ পৰা বড়ো হৈছে।
বড়োসকলক ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে নামাকৰণ কৰা দেখা যায়। যেনে- বিহাৰত থকা বড়োসকলক হাজাৰী,পশ্চিমবংগত মেছ, বাংলাদেশত হাজং আদি। অসমৰ বিভিন্ন ঠাইত বড়োসকলক বড়ো- কছাৰী,কছাৰী,মেছ,সোণোৱাল-কছাৰী, ঠেঙাল কছাৰী,গাৰো ইত্যাদি নামেৰে জনাজাত। বড়ো জনজাতিৰ এই লোকসকল বৰ্তমান কোকৰাঝাৰ,শোণিতপুৰ, কামৰূপ,লখিমপুৰ, বঙাইগাঁও, ওদালগুৰি আদি জিলাত গৰিষ্ঠ সংখ্যক বড়ো কেন্দ্ৰীভূত হৈ আছে।বড়োসকলৰ শাৰীৰিক বৈশিষ্ট্যৰ মূল হ'ল-মূৰ চুটি,নাক চেপেটা,সৰু চকুৱা, কপাল বহল,কম গুফীয়া, কলাফুল শকত আৰু দেহৰ ৰং তামবৰণীয়া। কৃষি বড়োসকলৰ প্ৰধান জীৱিকা। বাথৌ বড়োসকলৰ প্ৰথম আৰু প্ৰধান ধৰ্ম। এয়াই বড়োসকলৰ চমু পৰিচয়।
বিবাহ পদ্ধতি:
বিবাহ মানৱ জাতিৰ এক সামাজিক প্ৰথা। ই দুটা পৰিয়ালৰ মাজত আপোন ভাৱ, আত্মীয়তা গঢ়ি তোলে। আচলতে বিবাহে ব্যক্তি আৰু সমাজৰ মাজত সু-সম্পৰ্ক সৃষ্টি কৰে।
নেতৃত্ববিদ আৰু প্ৰত্নতত্ববিদসকলে মানৱ জাতিৰ বিবাহ প্ৰথাক দুই ভাগত ভগাইছে- ১/মাতৃবংশীয় আৰু ২/পিতৃবংশীয়। উল্লেখযোগ্য কথা হৈছে আৰ্য আৰু দ্ৰাবিড়সকলে পিতৃবংশীয় প্ৰথাৰে আৰু অষ্ট্ৰিক(কছাৰী) আৰু মংগোলীয়সকলে(গাৰো) মাতৃবংশীয় প্ৰথাৰে বিবাহ কাৰ্য সমাধান কৰে। তাৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলৰ বড়োসকলে আৰ্য সংস্কৃতিৰ প্ৰভাৱত পৰি পিতৃবংশীয় আৰু মাতৃবংশীয় এই দুই প্ৰথাৰে বিবাহ কাৰ্য সমাধা কৰে। তলত বড়ো জনজাতিৰ বিভিন্ন বিবাহ পদ্ধতিৰ বিষয়ে আলোচনা ক'ৰা হ'ল।
(ক) সমাজৰ দস্তুৰ মতে বিবাহ:- ই এক সামাজিক নিয়ম মতে হোৱা বিবাহ পদ্ধতি। এই বিবাহ পদ্ধতিৰ মতে কইনা অনাৰ নামত দৰা পক্ষই কইনা পক্ষৰ ৰাইজক গা-ধন দিবলগীয়া হয়। ১০০ টকাৰ পৰা ১২০ টকা পৰ্যন্ত গা ধন লোৱা নিয়ম প্ৰচলিত। সমাজৰ দস্তুৰ মতে হোৱা বিবাহত অনাড়ম্বৰ আৰু ধুমধামেৰে এই দুই ধৰণে সম্পন্ন কৰা হয়।
(খ) ঘৰ জোঁৱাই ৰাখি কৰা বিবাহ:-ইও এক সমাজ স্বীকৃত বিবাহ পদ্ধতি। ছোৱালীক দৰাৰ ঘৰলৈ প্ৰদান নকৰি দৰাক ছোৱালী পিতৃঘৰত জোঁৱাই হিচাপে থাকি সংসাৰ কৰিবলৈ সন্মতি প্ৰদান কৰাকে ঘৰ-জোঁৱাই ৰাখি দিয়া বিবাহ বোলে।
যিজন ডেকাই ছোৱালীজনীৰ ঘৰত ঘৰজোঁৱাই হিচাপে থাকিবলৈ মান্তি হ'ব তেওঁ ঘৰ-জোঁৱাই থাকিবৰ সময়ত তেওঁৰ পক্ষে এজন ওৱাৰিছ চিনাক্ত কৰি দিব লাগে। আনহাতে যিজন ল'ৰা ঘৰ জোঁৱাই থাকিব তেওঁ বিনা চৰ্তত ছোৱালীৰ ঘৰত কাম-বন কৰি দিব লাগিব। স্বভাৱ-চৰিত্ৰ, খেতি-বাতি,কাম-বন কৰাত ভাল হ'লেহে বিয়া দিয়ে। অন্যথা এই বিবাহ নাকচ কৰা হয়।
(গ) ঢোকা থাকি বিবাহ কৰাৰ নিয়ম:- বড়ো ভাষাত এই বিবাহক 'দংখা লাখিনায় হাবা 'বুলি কোৱা হয়। এই বিবাহৰ মূল বিশেষত্ব হৈছে কোনো বিধৱা মহিলাৰ পূৰ্বৰ গিৰীয়েকৰ সম্পত্তি আৰু ল'ৰা-ছোৱালী ৰৈ গ'লে সেই বিধৱাগৰাকীয়ে ঢোকা প্ৰথাৰে আন এজন পুৰুষক বিয়া কৰোৱাৰ অধিকাৰ থকাৰ লগতে সম্পত্তি ভোগ কৰাৰো অধিকাৰ আছে। প্ৰকৃতাৰ্থত সম্পত্তি থকা বিধৱা মহিলা আৰু নিৰুপায়ত পৰা বৰলা মাজতহে এই বিবাহ হয়। কাচিৎহে ডেকা মানুহৰ লগত এই বিবাহ সম্পন্ন হয়।
(ঘ) ছোৱালীয়ে গা-যাচি ঘৰ সোমোৱা বিবাহ:- বড়ো জনজাতিৰ উপযুক্ত গাভৰু ছোৱালীয়ে কেতিয়াবা নিজৰ পচন্দৰে ডেকা ল'ৰাৰ ঘৰলৈ গৈ বিয়াত বহিবলৈ ইচ্ছা কৰে। ইয়াক বড়ো সমাজত 'যাৰহননায়' বুলি কয়। এনেধৰণৰ বিয়াত বিয়াৰ দিনা কইনাৰ অভিভাৱকৰ আৱশ্যক নহয়। ল'ৰাৰ গাঁৱৰ ভিতৰতে কোনোবা এজনে কইনাৰ অভিভাৱক হৈ কইনা সম্প্ৰদান কৰে।
(ঙ)টানি লৈ গৈ বিবাহ কৰোৱা:-এই বিবাহ অবৈধ হলেও বড়ো সমাজত প্ৰচলন আছিল। প্ৰকৃততে কোনো ডেকা ল'ৰাই যি ছোৱালীক বিয়া কৰাবলৈ ইচ্ছা কৰে তেনে ছোৱালীক বকছিচ দি হ'লেও নিজৰ কৰে। বৰ্তমান এই বিবাহ পদ্ধতি বড়ো সমাজত নাই।
তদুপৰি বড়ো সমাজত ডেকা-গাভৰু দুয়ো পলাই গৈ নিজৰ ভিতৰতে বিবাহ পাশত আবদ্ধ হোৱাও দেখিবলৈ পোৱা যায়। কইনাক লৈ গৈ বিবাহ কৰোৱা পদ্ধতিও বড়ো সমাজত বিদ্যমান। লাহে লাহে এই পৰম্পৰা নাইকিয়া হৈ আহিছে। উল্লেখযোগ্য কথা এয়ে বড়ো সমাজত বিধৱা বিবাহৰ প্ৰচলন আছে। বিধৱা তিৰোতাগৰাকীয়ে জ্ঞাতি-কুটুম নোহোৱা যিকোনো পুৰুষকে বিবাহ কৰিব পাৰে।
উপৰোক্ত আলোচনাৰপৰা বড়ো জনজাতিৰ বিষয়ে এক সম্যক ধাৰণা এটা ল'ব পাৰোঁ। কথা হ'ল বড়ো জনজাতিৰ মাজত হোৱা এই বিবাহ কিমান গ্ৰহণীয়? একেষাৰে ক'ব পাৰি এই বিবাহ গ্ৰহণীয়। গা যাচি দিয়া বিবাহ পদ্ধতিৰ বাহিৰে আটাইকেইটা বিবাহ পদ্ধতিয়ে সকলোৰে দৃষ্টিত গ্ৰহণীয়। আমাৰ সমাজত বিধৱা বিবাহ বুলি শুনিলেই সমালোচনা কৰা,নাক-মুখ কোঁচ খাই অহাসকলে বড়ো জনজাতিৰ বিবাহ পদ্ধতিৰপৰা শিকিব লগা বহুত আছে। অসমীয়া সমাজত 'লাও সদায় পাতৰ তল ' বুলি কোৱা কথাষাৰ জনজাতীয় সমাজত যেন তল পৰে। শেষত কম নাৰীৰ স্থানে বড়ো জনজাতিৰ সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাওক।
সহায়ক গ্ৰন্থপঞ্জী
১/চাওঁ লোকেশ্বৰ গগৈ:-অসমৰ লোক সংস্কৃতি
২/প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য:-অসমৰ জনজাতি
৩/বিমল মজুমদাৰ:-জনজাতি আৰু গাৰো জনজাতি
৪/মালিনী দেৱী ৰাভা:-(সম্পা:) অসমৰ জনজাতি আৰু সংস্কৃতি
৫/শৰাইঘাট ইয়াৰবুক ২০১৭
🖋️পৰেশ দাস, প্ৰাক্তন স্নাতকোত্তৰ ছাত্ৰ,উত্তৰ লখিমপুৰ মহাবিদ্যালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ