আৱেগৰ আন্দোলিত পাখি লগা সময়বোৰ আহি গুছি যায়,
সিঁচি থৈ যায় তিল তিল যন্ত্ৰণা বোৰ
শুকান বুকুৰ পথাৰ খনত।
আৰু যন্ত্ৰণা বোৰ গোট খাই খাই
গঢ় লৈ উঠে এটা আগ্নেয়গিৰি
য'ৰ পৰা উদ্ গিৰণ হয়
অব্যক্ত বেদনাৰ চকুলো।
আছে জানো অট্টালিকাত কোনোবা মহান!
দুখীয়া দৈন্যতাৰ বুকুৱে বুকুৱে বগাই গৈ
বিষাদ বোৰ চুই চাব পৰা ---
সময়ে গচকি যোৱা উৰুষা ছালৰ তলত বেদনা বোৰে উচুপে
নাই শৰত। নাই শেৱালিও।নাই সুবাস।নাই কঁহুৱা কোমল অনুভূতিও।
আছে মাথোঁ সময়ে দি যোৱা এডোখৰ ফটা কাপোৰ।
দুৰ্গন্ধময় বতাহ।
আৰু শব্দহীন হুমুনিয়াহ।
ভদ্ৰ মানৱৰ দানৱৰ চকু।
ভোকাতুৰ লালসাৰ লিপ্সাত বলি হৈ হেৰুৱাই নিজৰ বুলিবলৈ থকা সতিত্বখিনিও---
এইয়াই নেকি জীৱন দুখীয়া দৈন্যতাৰ
বিষাদৰ উৎসৱ শব্দহীন হুমুনিয়াহ।
🖋️মধুকৃষ্ণা দেউৰী শিলপনীয়া
মানকটা টেপৰ গাওঁ চন্দন নগৰ,ডিব্ৰুগড়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ