তোমাৰ মৰম - কবিতা ~ প্ৰিয়ম খণ্ডাইত



আজি তোমাক পাহৰিছোঁ,

আছিলা তুমি মোৰ মনৰ
দলিচাৰ এপাহি পদুম হৈ ,

     কিন্তু ????

তুমি আতৰি গুছি গলা
মোৰ মনৰ দলিচাৰ পৰা,

তোমাক পাহৰিব লৈছোঁ
মোৰ মনৰ পৰা ,

বিষাদৰ যন্ত্ৰনাত ভোগি আছোঁ
তুমি দিয়া  মৰমৰ মাজত,

নাহিবা আৰু মোৰ জীৱনত
বহুত দুখ পাম তুমি আহিলে,

আজি অত্যন্ত সুখী মই
অকলশৰীয়া  কৈ থাকি,

নালাগে আৰু তোমাৰ সহানুভূতিৰ
নালাগে আৰু তোমাৰ মৰম,

পাৰিম জীয়াই থাকিব অকলে ॥॥

                    🖋️ প্ৰিয়ম খণ্ডাইত
                     ঢেকিয়াজুলি

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send