নদী মই অনাদি কালৰ-মোহন পাঠৰী

Rinku Rajowar
0
নদী মই অনাদি কালৰ
মোৰ দুয়োটি পাৰত গঢ়ি উঠে
মানৱ সভ্যতাৰ সেউজী ধাৰা

মই দিব পাৰো মানৱক
অৰ্থোপাৰ্জনৰ আছুতীয়া উৎস
জীয়াই থকাৰ অনুপ্ৰেৰণা

নীৰৱে সহিব পাৰো মই
মানৱৰ স্বাৰ্থ বিজৰিত
সকলো কৰ্মৰ সীমাহীন বোজা

কল কাৰখানাৰ বৰ্জিত দ্ৰৱ্য
আৰু গেলা পচা আৱৰ্জনাই
মোক কৰি তোলে প্ৰদূষিত

বুজাইহে বুজিব পাৰে
নুবুজাই কেতিয়া বুজিব
মই যে সকলো জীৱৰে প্ৰাণ

সুখ দুখ মোৰ সহযাত্ৰী মাথোন
নদী হৈ বৈ থাকো মই
অনাদি অনন্ত কাললৈ ।

🖋️মোহন পাঠৰী
ঠিকনা: গোলোং টেমেৰা,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)