পশু - পক্ষীৰ খবৰ ৰাখিছেনে?~ অভিজিত মজুমদাৰ

©Admin
0
কত হেৰাই গল সেই ধুনীয়া চৰাইবোৰ যাৰ কাৰণে মায়ে চোতালত  দুপৰীয়া চাউল চতিয়াই  থৈছিল। এতিয়া নাহে দেখোন চৰাইবোৰ । এতিয়া মাৰ চাউল খিনি বাচি গল বুলি হে ভাৱিবলৈ লৈছোঁ। বাহিৰত মায়ে ৰদ ত দিয়া ধান খিনি মোক ৰৈ তাতেই খেলি থাকিবলৈ দিয়ে,নহলে চৰাই বোৰে দূৰৰ পৰাই যেন চকু থিয় কৰি চাই থাকে কেতিয়া মই অন্যমনস্ক হওঁ।

এতিয়া দেখোন খেদিবলৈ চৰাই জাক নোহোৱা হৈ গল।

ৰাতি ৰাতি শিয়ালৰ হোৱা শুনিলে ভাত খাই থকা দেউতাই আগত অলপ পানী পেলাই দিয়ে, এয়া হেনো পুৰণি নিয়ম। কিন্তু এতিয়া দেখোন পানী পেলাই নিয়ম কৰিবলৈ শিয়ালৰ হোৱা ও নোহোৱা হল। সৰুতে শিয়ালৰ হোৱা ৰ লগত মুখে মুখে দিলে হেনো ডিঙি ডাঙৰ হোৱা কিবা বেমাৰ এটি হৈছিল ,কিন্তু এতিয়া মুখে মুখে দিবলৈ শিয়ালৰ হোৱা নুশুনা য়ে হলো।

গৰু বা ছাগলী ঢুকালে পথাৰৰ কোণৰ ঠাই এডোখৰ ত পেলাই থৈ দুটা খোজ দিয়াৰ পিছতেই শগুন বোৰৰ কিমান যে দৌৰা দৌৰি তাক খাবলৈ।শুনিছি লো গছ ডালত হেনো বহুত শগুন আহি ৰৈ থাকে।লগতে কাউৰী ও আহে তাৰে আগভাগ লৈছিল হেনো। কিন্তু এতিয়া দেখোন ৰাস্তাত কুকুৰ এটি কৰিলেও আমি নাকত ধৰি ৰাস্তা টো পাৰ হবলৈ চেষ্টা কৰোঁ। কত গল সেই শগুন বোৰ??কিয় আজি কোনে খাব সেই পৰি পচি যোৱা জন্তু বোৰক?


শিক্ষিত হলো আমি,বহুত পঢ়ি লো আমি,পঢ়ি পঢ়ি চাকৰি বিচাৰি ফুৰিলো।কিন্তু সেই প্ৰকৃতি! যত আমাৰ শৈশৱ আছিল,যত আমাৰ লগত সকলো পশু পক্ষী জীয়াই আছিল।সেইবোৰক এৰি আজি আমি জীৱ শ্ৰেষ্ঠ! আপুনি জীৱ শ্ৰেষ্ঠ? নহয়।।।  

🖋️ অভিজিত মজুমদাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)