ফেচবুক প্ৰফাইলত তোমাৰ সেই কুকুৰটো~কবিতা~নীলপ্ৰতিম বৰা

©Admin
0
ফেচবুকৰ দুৱাৰখন খুলিয়েই দেখিলোঁ
তোমাৰ সেই ফ্রেণ্ড ৰিকুৱেষ্টটো
নিবিড় অর্থৰ তোমাৰ নামৰ সৈতে 
ফেচবুকৰ প্ৰফাইলত  সেই কুকুৰটো
কি যে কেঁকুৰীয়া তোমাৰ ভাবাত্মক? 

তোমাৰ সেই অহংকাৰী চকুৰ চাৱনিৰ 
ফটোখনে বাৰে বাৰে মোৰ বুকুত আঘাত সানে
তোমাৰ অহংকাৰী চকুৰ চাৱনিতেই 
দেখা হ'লো ভালপোৱাৰ ব্যাকুলতাখিনি 

মইটো আবেগিক নিঃসংগতাৰ  লগৰী 
তুমিটো এধানি  যুগ্মতাৰ সঁহাৰি ।
অজানিতে চিনাকি হোৱা তোমাৰ
ব্যাকুল হৃদয়ৰ ভালপোৱা খিনিৰ বাবেই  
মোৰ নিসংগ আত্মাটো ৰোমাণ্টিক প্ৰেমৰ গৰাকী।

আজিও মনত আছে  
সৰস্বতী পূজাৰদিনা তুমি 
লাহি খামুছিয়া কঁকালৰ সৈতে গাত মেৰিয়াই অহা গুলপীয়া চাদৰ -মেখেলাযোৰ,
ঘন চেলাউৰিযোৰৰ মাজত কলা বৰণ ফোঁট 
হৃদয়ত আত্মীয়তাৰ বাবে আঘোণী প্ৰেম গান। 
আত্মীয়তাৰ বাবে আঘোণী প্ৰেম গান।

দুয়ো কথা হওঁতে মাজতে ভণ্টিয়ে আমনি দিয়ে
মই তেতিয়া নিস্তব্ধ  
আকৌ তুমি
ওঁঠত হাঁহি আঁকি বোৱাই দিয়া শব্দৰ আলাপ।

অন্তৰত অসীম ভালপোৱা
চকুত স্ফুটি অহা দুই এক ভাষা 
হৃদয়খন বৰ দুষ্ট ,দুচকুৰ মিলনতেই শান্ত। বৰ দুষ্ট ,দুচকুৰ মিলনতেই শান্ত।

ফেচবুকৰ দুৱাৰখন খুলিলেই  দুচকুত ভাঁহে
ফেচবুকৰ প্ৰফাইলত তোমাৰ সেই কুকুৰটো।

✍নীলপ্ৰতিম বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)