মই যে ঈগল হ'ব নোৱাৰিলো
আকাশৰ বহু নিলগৰ পৰা
ৰ' লাগি চাই ৰ'ম
নিত্য প্ৰয়োজনীয়বোৰতে
পিটিকিছে বিষ
নে উশাহত
মাটিত অথবা বস্ত্ৰত।
ঘৰচিৰিকা মই
ছালতে ধৰি
মুঠিতে পিটিকি থ'ব পাৰি।।
কোনেনো শুনিব ইমান
নিম্ন কণ্ঠ
দৃষ্টিও মাটিতে নিৱন্ধ।।
মিছা কথাত লাগে পেং
সঁচাক মাৰিবলৈ লেং ।।
বিজুলী ,ঢেৰেকণি ,বজ্ৰপাতত
ঈগল জুৰুলি-জুপুৰি হয়
ঘৰচিৰিকাই আনন্দৰ
টোপনি মাৰি
মোৰ যে ঘৰতেই ঘৰ
তাত কিহৰ ভয়।।
✍হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ