মইও যাব লাগিব জীৱিকাৰ সন্ধানত- অলকেশ কাকতি

©Admin
0
দোকমোকালিৰ সময়,
ধৰাত নানাৰঙী বিহগৰ কিৰিলি।
বেৰৰ সুৰুঙাৰে অহা বেলিটিৰ আভাই
পুনৰ মোক কাণে কাণে কয়,
বেলি দুপৰ হ'ল,
উঠ আকৌ!!
তই যাব লাগিব নহয় জীৱিকাৰ সন্ধানত।।
পূৰ্ণিমাৰ নিৰিবিলি নিশা
স্নিগ্ধ নিৰ্মল জোনাকে জানো
মোৰ পৰিয়ালটিক পোহপাল দিব???
একমাত্ৰ পৰিয়ালটিৰ স্বাৰ্থতেই 
মইও যাব লাগিব জীৱিকাৰ সন্ধানত।।
কাম বুলিবলে নোহোৱাই হৈছে,
ভদ্ৰহঁতৰ আঁহত গছজোপাও হেনো
মেচিন লগাই কাটিলে।
পূৰ্ণিমাহঁতৰ নঙলামূখৰ
কৰ্দ্দৈ জোপা হেনো বুঢ়া হ'ল।
তাকেই বগৰাব মাতিছে,
যাওঁচোন কি হয়!!!!
দুবেলা দুমুঠি খাবলৈ
 মইতো যাবই লাগিব জীৱিকাৰ সন্ধানত।।
আজি প্ৰায় দুমাহেই হ'ল,
নৰিয়াৱস্থাত আইৰ হিয়াভগা বিননি,
ক'লৈ যাওঁ, কি কৰো!!!
দহমাহ দহদিন গৰ্ভত ধাৰণ কৰা
আইক মই পাহৰিব নোৱাৰো।
পুত্ৰ হিচাপে এয়া মোৰ গুৰু দায়িত্ব,
মই যাব লাগিব জীৱিকাৰ সন্ধানত।।
স্কুললৈ নিয়া পোছাক এযোৰৰ অভাৱত
দেউতা! "কাপোৰযোৰ নানিলাই চোন ""
বুলি সন্তানে চিঞৰিছে।
পণ লৈছো,
সময়ৰ নিষ্ঠুৰ আঘাতকো নেওঁচি
এদিন মইও ডাঙৰ মানুহ হ'ম।
পৰিয়াল,সমাজ আৰু দেশৰ সমস্যাবোৰ
মূৰ পাতি ল'ম।
সেয়েহে,
এতিয়াৰ পৰাই 
মইও যাব লাগিব জীৱিকাৰ সন্ধানত।।

  ✍️শ্ৰী অলকেশ কাকতি
       জিলা - নলবাৰী, চামতা
        কামৰূপ মহাবিদ্যালয়, চামতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)