সম্পাদকীয়-নাৰী দিৱস বিশেষ

Rinku Rajowar
0
Diane Mariechild-এ কৈছিল -"A woman is the full circle within her is the power to create , nurture and transform"
চিৰশাশ্বত সত্য  যে নাৰীয়েই হৈছে সৃষ্টি কৰ্তা। সকলো সৃষ্টিৰ মূলতে  নাৰীক গণ্য কৰা হয় । নাৰীয়ে সৃষ্টি কৰা সেই বীজক পালন পোষণ কৰাৰ উপৰিও ডিয়ান মেৰীচাইল্ডে কোৱাৰ দৰে নাৰীৰ মাজতেই পৰিৱৰ্তনৰ অফুৰন্ত শক্তি লুকাই থাকে । নাৰীয়েই হৈছে সৃষ্টি কৰ্তা ,নাৰীয়েই যদি পালনকৰ্তা বা সমাজৰ পৰিৱতনৰ মূল হিচাপে নাৰীয়েই যদি সৰ্বেসৰ্বা তেন্তে মহিলাসকলৰ উন্নয়ণৰ স্বপ্নাবাস সাজি নাৰী দিৱস পালন কৰাৰ প্ৰযোজনীয়তা ক'ত? প্ৰত্যেক বছৰেই ৮মাৰ্চ তাৰিখে নাৰী দিৱস পালন কৰা হয়।  ইয়াৰ অন্তৰ্নিহিত  কাৰক হ'ল পুৰুষ তান্ত্ৰিক সমাজ ব্যৱস্থা। পুৰুষ তান্ত্ৰিক সমাজ ব্যৱস্থাৰ বাবে যুগে যুগে বঞ্চিত কৰা হ'ল নাৰীক। নাৰীৰ ওপৰত বিভিন্ন অত্যাচাৰ, অন্যায় ,অপৰাধ চলিল । আজিও সমাজৰ পৰা তেনে মানসিকতা মাৰ যোৱা নাই। যাৰ ফলত ভ্ৰুণ হত্যা ,ধৰ্ষণ ,গৃহ কন্দল ,বাল্যবিবাহ ,ডাইনী হত্যা এনেধৰণৰ অপৰাধবোৰ ঘটিয়েই আছে । বহু ঠাইত আজিও নাৰীক পুৰুষ সকলে পুতলাৰ দৰেই ব্যৱহাৰ কৰে ,নাৰী যেন তেওঁলোকৰ যৌন তাড়নাৰ ভোগ তেনে মানসিকতাই গা কৰি এতিয়াও সমাজত বা পৰিয়াল এটাত নাৰীৰ সিদ্ধান্তক গৌণ বুলিয়েই বিবেচনা কৰা হয়। নাৰীসকলে সকলোবোৰ ভাগ্য বুলি সমাজত নতশিৰে মানি চলি আহিছে। কিন্ত ৰাজনৈতিক সাংবিধানিক ইতিহাসত যেতিয়াৰ পৰা সমতা,ন্যায় আদিবোৰে প্ৰাধান্য পালে সমাজত কিছু পৰিৱৰ্তনে গা কৰিলে। এতিয়া নাৰীৰ স্থান পুৰুষৰ তুলনাত  কোনো গুণেই কম নহয়। নাৰী দিৱসেই হওঁক বা মহিলাৰ বাবে সংৰক্ষিত আন পৃথক ব্যৱস্থাৰ বাবেই  হওঁক পুৰুষৰ তুলনাত নাৰীৰ অনুপাত বহু ক্ষেত্ৰত বেছি দেখা যায়।এতিয়াৰ নাৰী মংগল গ্ৰহত বসবাসৰ হকে মহাকাশযানৰ নেতৃত্ব দিছে। শিক্ষা, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো ক্ষেত্ৰতে দক্ষতা আৰু যোগ্যতাৰে নিজৰ অৱদান আগবঢ়াই সমাজখনৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ হকে অহোপুৰুষাৰ্থ কৰিছে।   স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱ কোৱাৰ দৰে You can tell the condition of a nation by looking at the status  of its women.  মহিলাসকল আগবাঢ়ি অহাৰ বাবে আজি ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক সৱল স্থান দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু সমাজত নাৰী পুৰুষৰ বৈষম্যতা বহুত বেছি আছে।যি সকল লোক শিক্ষাৰ পোহৰৰ পৰা  বঞ্চিত  তেওঁ লোকৰ মাজতো লিংগ বৈষম‍্যৰ ধাৰণাই ঠাহ খাই আছে।তেওঁলোকৰ মতে পুৰুষে কৰা অন‍্যায় অবিচাৰ বোৰ তেওঁলোকৰ ভাগ‍্য।কিন্তু বহু শিক্ষিত নাৰীৰ মাজতো যেতিয়া তেনেধৰণৰ মানসিকতাই গা কৰি থাকে তেতিয়া পৰিবৰ্তনৰ গতিটো স্থবিৰ হৈ পৰে বা  লিংগ বৈষম্যতা দূৰ কৰি সম ব‍্যৱহাৰৰ হকে ভাষণৰ ফুলজাৰি মৰা লোকসকলৰ মন মগজুত নাৰীৰ প্ৰতি নেতিবাচক মনোভাৱ পোষণ কৰি কেৱল ভোগৰ সামগ্ৰী ৰূপে ব‍্যৱহাৰ কৰা কাৰ্য‌ত নাৰীৰ উওৰণৰ কথাটো  হাস‍্যকৰ হৈ পৰে।
     সমাজৰ একাংশ নেতিবাচক মনোবৃত্তিৰ বাবে আজি নাৰীৰ সবলীকৰণ, লিংগ বৈষম্য‍তা দূৰীকৰণ বা অন্যান্য অপৰাধসমূহৰ হকে মাত মাতিবলগীয়া হৈছে । নাৰীসকলৰ  অনুপ্ৰেৰণা , সাহস যোগাবৰ বাবে বিশেষভাৱে নাৰী দিৱস পালন কৰিব লগা হৈছে । গতিকে আহক সকলোৱে সকলোৰে প্ৰতি সমতা স্থাপন কৰোঁ।সকলোকে সম অধিকাৰ ভোগৰ অধিকাৰ দিওঁ আৰু নিজৰ চিন্তা কৰ্ষনৰ বিকাশ ঘটাই  নাৰীৰ প্ৰতি বিজ্ঞানসুলভ , মনোভাৱেৰে নাৰী-পুৰুষ উভয়ে একতাৰে সমাজৰ  উন্নয়ণৰ হকে দায়ৱদ্ধ হওঁ আৰু লিংগ বৈষম্য, বাল্য-বিবাহ ,ধৰ্ষণ,ডাইনী হত্যা,ভ্ৰুণ হত্যা,যৌতুক প্ৰথা ইত্যাদি অপৰাধবোৰ সমাজৰ পৰা মষিমূৰ কৰি এখন শান্তিপূর্ণ উন্নয়নমূলক ৰাষ্ট্ৰৰ গঢ় দিওঁ ।শেষত নাৰী দিৱসৰ শুভকামনাৰে সাহস আৰু  দৃঢ়তাৰে নাৰীসকল সকলো সমস্যাক সমাধান  কৰি আগুৱাই  যাওক আৰু উন্নয়ণৰ  বাটেৰে সমাজখনক  ন ৰূপেৰে গঢ়  দিয়ক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)