আমাৰ বাঁহনিডৰাৰ পাছফালে
শিয়ালে বৰকৈ হোৱা দিয়ে,
খাদ্য বিচাৰি হাহাঁকাৰ কৰে,
হোৱা দিয়া বন্ধ হ’লেই বুজো
বিচৰা খাদ্য হয়তো বিচাৰি পালে ৷
ঘৰৰ অনিমন্ত্ৰিত আলহী মেকুৰীটোৱেও
মাজে মাজে বৰকৈ চিঞৰে,
ভোক লগা বুলি ভাবি
পেটভৰাই খাবলৈ দিওঁ,
খাই উঠিও একে সুৰতেই চিঞৰে ৷
সেইয়া স্বভাৱ, লুভীয়া জাতিৰ প্ৰমাণ..
মই না শিয়াল হ’ব পাৰিলোঁ
না হ’ব পাৰিলোঁ মেকুৰীৰ দৰে,
প্ৰাপ্য আৰু অধিকাৰৰ বাবে
চিঞৰিব লাজ পাওঁ,
অভাৱবোৰ আনক জনাব টান পাওঁ,
লুভীয়া হ’ব নোৱাৰিলোঁ
আত্মসন্মানৰ খাতিৰত ৷
আচলতে আমাৰ দৰে প্ৰাণীবোৰৰ
আজিৰ দুনীয়াত ঠাইৰ অভাৱ..
✍️ ডাঃ প্ৰণৱ চক্ৰৱৰ্ত্তী
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ