প্ৰেমৰ কাহিনী-সপ্তমী দাস

Rinku Rajowar
0
ধুমুহা কি মোক সোধা
ত্যাগ কি মোক সোধা
বেদনা কি মোক সোধা,
অহ মোকেই সোধা সকলো,
কাৰণ মই যে এই সকলো খিনিৰ
ভুক্তভুগী এগৰাকী...!
জীয়াই আছো এতিয়াও দুচকুত
এসাগৰ সপোনলৈ,
মোৰো মন যায় মুকলি আকাশত উৰিবলৈ,
মোৰো মন যায় স্বাধীন ভাবে থাকিবলৈ,
কিন্তু নোৱাৰো, কাৰণ
মই যে আবদ্ধ কেলেণ্ডাৰৰ জীৱনত
মই আজিও উচুপি উঠো,
সেই ধুমুহাৰ দিনটোৰ কথা মনত পৰিলে
মই প্ৰেমত বিচ্ছেদ হোৱা নাই..;
ত্যাগৰ সংগী হৈছো
হয়....!
মই আনৰ সুখৰ বাবে
নিজৰ সুখ-সপোন সকলো খিনি
ত্যাগ কৰিছো...!
তপ্ত তীখাত নিজকে জ্বলাইছো;
এতিয়া মাথো মই কাল্পনিক 
দেশত ঘুৰি ফুৰো,
মই সকলো পাইয়ো হেৰুৱাইছো,
কিন্তু আজিও মই বহুত সুখী,
কাৰণ তুমি যে কৈছিলা-
"মই তোমাৰ ভাগ্যত নহলো কি হ'ল.??"
আজীৱন হৃদয়ত থাকিম বুলি...!
গোপনে লিখি যাম তোমাৰ মোৰ
প্ৰেমৰ কাহিনী।।

 ✍️সপ্তমী দাস
ঠিকনা- গুৱাহাটী শান্তিপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)