তিমিৰ প্ৰোথিত শিপা(খণ্ড-০১)~যুগল সন্দিকৈ

©Admin
0
চৰকাৰী বাছত নগাঁও যাম বুলি ওলালো। লগত শৰৎ । শৰৎ মোৰ কলেজত পঢ়ি থকা দিনৰ ভাতৃ বন্ধু । সি সামৰিক বাহিনীত চাকৰি কৰে । মোৰ অভিভাৱক দাদাৰ বিয়ালৈ বুলি আহিছিল । বিয়া খাই সি বোকাখাতৰ ঘৰলৈ বুলি ওলাল, মই নগাওঁ যাম বুলি কোৱাত দুয়োটাই একেলগে ওলালো।
শিৱসাগৰ বাছ আস্থানৰ সহ-অধীক্ষক দাসদাক কৈ দুটা টিকট ল'লো, এটা নগাঁৱলৈ আনটো বোকাখাতলৈ । বেচৰকাৰী বাছৰ সংখ্যা কম বাবে চৰকাৰী বাছত যাত্ৰীৰ বৰ ভিৰ । শৰৎ আৰু মই দুয়োটাই একেবাৰে পিছৰ চিটত বহিলোগৈ। প্ৰায় ১০-৩০ বজাত বাছখন শিৱসাগৰ এৰিলে । মই বেগত নিয়া হীৰুদাৰ " সুগন্ধি পখিলা" কবিতা পুথিখন উলিয়াই পঢ়ি গৈ আছো। দূৰ যাত্ৰাত কিবা কিতাপ বা বাতৰি কাকত পঢ়ি নগ'লে মনলৈ ভিন্ন চিন্তাই জুমুৰি দিয়েহি। যোৰহাট আস্থানত যাত্ৰী কিছু নামি যোৱাত, শৰৎ আৰু মই অলপ আগৰ চিটলৈ আহি বহিলো। শিৱসাগৰ -যোৰহাটৰ মাজৰ যাত্ৰা সময়ত আমি একো কথা বতৰা নাপাতিলো, যোৰহাটৰ পৰা বিভিন্ন আলোচনা কৰি গৈ আছিলো, নেঘেৰিটিং ওচৰ পোৱাত শিৱ মন্দিৰৰ ওখ টিলাটোলৈ চকু পৰিল! কলেজত পঢ়ি থকা দিনৰ মধুময় স্মৃতিয়ে দোলা দি গ'ল। শৰতে মোৰ পিনে চাই মিচিকিয়া হাঁহি মাৰিলে। মোৰ "স্মৃতিময় গোলাপ লতাৰ তিমিৰ প্ৰোথিত..." দিনবোৰ কথা সিও জানে। "এনীৰ" কথা মনত পৰি সেই দিনবোৰ সজীৱ হৈ গ'ল। নেঘেৰিটিং শিৱ দ'ল, PTC, গৰমপানী আদিত অন্তৰংগভাৱে লগ পোৱা ক্ষণবোৰে মোক আৱেগিক কৰি তুলিলে। এনী এতিয়া বিবাহিত, কেনে আছে নাজানো, মনৰ ভিতৰতে এনীলৈ আন্তৰিক শুভ কামনা জনালো।
 ( আগলৈ)

✍️যুগল সন্দিকৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)