নিঃসঙ্গ নিৰৱচ্ছিন্ন মৰিচিকাৰ এজন পথিক মই~কবিতা~প্ৰিয়ম খণ্ডাইত

©Admin
0
নিঃসঙ্গ নিৰৱচ্ছিন্ন মৰিচিকাৰ 
এজন পথিক মই,
শব্দ নাই ভাষাৰে বুজাবলৈ
মোৰ অনুভূতিবোৰ,
আজি এজাক কিন্ কিনিয়া 
বৰষুণে মোৰ মনৰ উজ্জ্লতা বঢ়াই গ'ল,
আকৌ এবাৰ মোৰ মনৰ নিবিৰ মৰম
কোনোবাই বুজিবলৈ ধৰিছে।
ধন্যবাদ তোমাক
মোৰ মনৰ দাপোনৰ দলিচাত 
এপাহি বৰষাৰ এমুঠি হাঁহিৰ ৰেঙণি  
 দিয়াৰ বাবে।

 ✍  প্ৰিয়ম খণ্ডাইত
                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)