মই হ'ব খোজোঁ~কবিতা~জয়া ৰৌফ

©Admin
0
মই হ'ব খোঁজো কাৰোবাৰ চকুলো
নিৰৱে বৈ থাকিম কোনেও নেদেখাকৈ
আপ্লুত দ্ৰৱন্তীৰ বুকুত 
বিষাদৰ তৰংগ হৈ।

মই হ'ব খোজোঁ জিলিকি উঠা জোনাকীৰ সূক্ষ্ম জ্যোতি 
এন্ধাৰত তিৰ্ বিৰ্ পোহৰৰ মাজেৰে গৈ
অসহায় পথিকক বাট দেখুৱাবলৈ।

মই হ'ব খোজোঁ অনিৰ্বাণ অগ্নিস্নান
হাজাৰ বেদনাৰ মাজতো আত্মনিৱিষ্ট
দাহ্য নোহোৱা জুইকুৰা
সত্যনিষ্ঠ প্ৰল‌য় মোৰ আত্মনিষ্ঠ।

মই হ'ব খোজোঁ সবল সংগ্ৰামৰ আগ্নেয়অশ্ৰু 
আগ্নেয়গিৰিৰ উত্তপ্ত উদ্গীৰণৰ জ্বালামুখী অৰ্ধভষ্ম,
গলিত লাভা, ছাই, ধোঁৱাক 
নকৰোঁ ভয় নহওঁ মই ত্ৰস্ত।

মই হ'ব খোজোঁ আকাশ ভেদি অহা
গ্ৰহ-উপগ্ৰহৰ সুমিষ্ট হাঁহি
চৰাইৰ দৰে পাখি মেলি 
ভ্ৰাম্যমাণ পথ যাত্ৰীৰ
মহাবীৰ্য্যবান যানবাহন। 

✍জয়া ৰৌফ
মেঘালয়
       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)