সৃষ্টি-বিনিতা বৰা

©Admin
0
সৃষ্টিৰ পাতনিতে
মই বৰ দুৰ্ভগীয়া ।

ঘনে ঘনে আৱেগৰ ঢৌ উঠে
মোৰ হৃদয়ৰ কেঁচা কলিজাত ।

বিষাক্ত কীটবোৰে কামুৰি
কলিজাখন কৰে মোৰ
থকা-সৰকা ।

মোৰ কলিজাৰ দলনি-পিতনি
গচকি গচকি,
বিষাক্ত কীটবোৰ নাশ কৰিব,
হিয়াৰ চিনাকি মোৰ,
আপোনজনে ।

মোৰ কলিজাত 
পবিত্ৰ কেঁচা তেজৰ নৈ ব'ব !
তেজৰ বুৰবুৰণিত 
সুখৰ ঢৌ উঠিব ।

সেউজীয়া বোৰে 
নকৈ গজালি মেলিব !

হিয়াৰ চিনাকি আপোনজন
সদায় মোৰ কাষতে থাকিব ।

✍️বিনিতা বৰা
হোজাই জিলা,কাকী-3

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)