মোৰ সাঁচতীয়া সপোনবোৰ.....।
সপোনবোৰ ক্ৰমশঃ বাঢ়ি আহিছে!!!!!
সেউজীয়া সপোনবোৰ বাঢ়ি আহি সোণালী আঘোণত ভৰি থ'লে.....
একে ৰাগিৰ সপোনবোৰ লানি লাগিছে
লাচ খাই সপোনবোৰ পূৰঠ হৈছে,
কোনোবা এটি সপোনে যদি দেখিছে
দিগন্ত চোৱাৰ আশা,
তেন্তে আন এটি সপোনে
সজাইছে বাস্তৱক.....।
বে-ৰাগিৰ সপোনবোৰ চাৰিওফালে সিঁচৰিত
এটাই যদি নতুনক আদৰিছে,
আনটোৱে আকৌ পুৰণিক সাৱটিছে;
এইবোৰ সপোনো পূৰঠ হৈছে.....
কিন্তু, অলপ পৃথককৈ.....।
মুঠতে সপোনবোৰ পূৰঠ হৈছে!!!!!
সপোনবোৰতে আকৌ ভৱিষ্যতৰ সপোন!!!!!
সপোনবোৰে মনৰ পৰা মস্তিষ্কলৈ খোজ দিছে.....
তাৰে এটি বৰ্তমান
আৰু,
আন দুটি অবাস্তৱ।
সপোনবোৰে মোট সলাইছে
আহাৰৰ পৰা শাওণলৈ
আৰু শাওণৰ পৰা আঘোণলৈ
মুঠতে সপোনবোৰে বাঢ়ি আহি ন-পোখা মেলিছে.....।
✍️ প্ৰজ্ঞা দেৱী ভূঞা
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ