অংকন কৰিব খোজো
মোৰ হৃদয়ৰ বাক্যবোৰ,
কিয় বা কৰিব পৰা নাই?
মই জানিছো তুমি
মোৰ হৃদয়ত আৰু নাই,
বৰকৈ মনত পৰিছে
তুমি কোৱা বাক্যবোৰ,
তুমি যে কৈছিলা,
"প্ৰিয়ম ভালকে থাকিবা
মোৰ বাবে তুমি নিজকে ডাঙৰ
মানুহ গঢ়ি তুলিবা""
আই শুনা আজি
মই ডাঙৰ মানুহ হ'লো
কিন্তু
তুমি নাই মোৰ ওচৰত,
শব্দহীন ভাষাৰে বুজাব নোৱাৰো তোমাক
তোমাৰ মৰমৰ এনাজৰীক লৈ
জীয়াই আছোঁ
অপেক্ষাৰ বাটত ,,
মাথো এটাই সপোন
আকৌ ঘূৰি আহিবা
মোৰ জীৱনত,
অতীতক পাহৰি আকৌ
এবাৰ নতুন সপোন গঢ়িম
তুমি আৰু মই॥
✍️প্ৰিয়ম খণ্ডাইত
ঢেকিয়াজুলি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ