ভগ্ন স্বপ্ন-প্ৰিয়ম খণ্ডাইত

0
ভগ্ন স্বপ্ন মোৰ
পাল তৰা নাওঁৰ দৰে ,

             হাঁহিৰ ৰেঙনি বিছাৰি
             সপোনৰ পথচাৰি মই,

বিৰিঙাই উঠিছে কাৰোবাৰ মুখৰ
এমুঠি হাঁহিৰ ৰেঙনি।

           মই দিশ হাৰা হৈছো 
           কাৰোবাৰ স্পন্দন কান্দোনত,

সাগৰৰ পানীক চিয়াঁহি কৰি 
পদুমৰ থাৰিক কলম কৰি
আকাশৰ বুকুক কাগজ কৰি লিখিব নোৱাৰা মই এজন অৰ্ধ প্ৰেমিক 

     তাইৰ মনৰ কথা বুজিব নোৱাৰা
      মই এজন উদাসীন আত্মা ॥॥॥

                         🖋️  প্ৰিয়ম খণ্ডাইত
                                ঢেকিয়াজুলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)