নঙনা মুখত আপোন তোৰ চাৱনি
তই ৰূপহী ৰাংঢালী পখিলী
সোৱাদ লগা তোৰ কথাই প্ৰেমৰ বিষ অনুভৱাই
তোৰ ৰঙা ওঁঠৰ ডালিম গুটিয়া হাঁহিতে আপোনহাৰা সৰ্বশৰীৰ ,
তোৰ হাততেই হাত গুজি প্ৰেম সাগৰত ডিঙা খনি দিলোঁ মেলি
অন্তিমটো কাললৈ তোৰ হৈ থকাৰ অপ্ৰাণ আশা
বিশ্বাসৰ নামত বহুবাৰ প্ৰতাৰিত হোৱা মইটোৱে
তোৰ বাবে ব্যাকুল হব ধৰিছে,
তোৰ প্ৰতি বাঢ়িছে এক বুজাব নোৱাৰা টান।
তোক দেখাদিনা মই এক নতুন জীৱন পালোঁ ,
খহি যোৱা বিশ্বাস বোৰে থিতাপি মেলিলে
নজনাকৈ তোৰ প্ৰেমত সাঙোৰ গলো
নাজানো তই কি ভাবিছ ?
মাথোঁ এটাই কব বিচাৰো মই তোক লৈ বিশ্বাসবোৰ জীয়াই ৰাখিব বিচাৰো ,
তই ভুল বুজিলেও মোৰ ভাল পোৱা কিন্তু সঁচা।
✍নীলপ্ৰতিম বৰা।(টীয়ক, যোৰহাট)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ