মহৎ লোক সকলৰ লগতে আধ্যাত্মিক গুৰু তথা সন্ত মহাপুৰুষ সকলৰ জন্মদিন বা আবিৰ্ভাৱ তিথিৰ অনুষ্ঠানক আমি জয়ন্তী বা জন্মোৎসৱ বা আবিৰ্ভাৱ তিথি বুলি কওঁ। কিন্তু দেখা যায় যে কিছুমান সংগঠনে কেতিয়াবা এই জন্ম দিৱসক কাগজে পত্ৰে জন্ম জয়ন্তী বুলি লিখাটো মন কৰিছো। এতিয়া কথাটো হ'ল জয়ন্তী বুলি ক'লেই জন্ম তিথি বা জন্ম দিৱস বুলি জনা যায়। কাৰণ মৃত্যু তিথিক মৃত্যু জয়ন্তী বুলি কোৱা নহয়। সেয়ে মই ভাবো যে "জন্ম জয়ন্তী" বুলি লিখিলে ৰাতিৰ নাইট চুপাৰ, পিছলৈ বেক কৰা, কেটচ্ (catch) ধৰা, দাদাৰ ভাইৰ আদিৰ দৰেই এক ভুল হ'ব। ব্যক্তিৰ জন্ম দিৱসৰ লগতে সভা-সমিতিৰ নিৰ্দিষ্ট সময়ৰ অন্তৰত হোৱা বৰ্ষপূৰ্তিৰ অনুষ্ঠানকো জয়ন্তী বুলি কোৱা হয়। যেনে -২৫বছৰৰ বৰ্ষপূৰ্তিত ৰূপালী জয়ন্তী, ৫০বছৰত হোৱা সোণালী জয়ন্তী আৰু ৭৫ বছৰ সম্পূৰ্ণ হ'লে হীৰক জয়ন্তী বুলি পালন কৰাতো আমি সকলোৱে জানো। গান্ধী জয়ন্তী, নেতাজী জয়ন্তী বুলিহে লিখে, গান্ধী জন্ম জয়ন্তী বা নেতাজী জন্ম জয়ন্তী বুলি লিখিলে আচহুৱা লাগিব। সদৌ অসম ৰবিদাস সন্মিলনৰ গোহাৰি, প'স্তাৰ আদিত সন্ত শিৰোমণি গুৰু ৰবিদাস দেৱৰ গোলাঘাট ত আয়োজন কৰিবলৈ লোৱা ৬৪৪তম্ জন্মোৎসৱ ভাগক "জন্ম জয়ন্তী" বুলি উল্লেখ কৰাত মনৰ খু-দুৱনি মাৰিবলৈ এই লেখা লিখিলোঁ। আশাকৰোঁ বিজ্ঞজনে এই সম্পৰ্কে মতামত ৰাখিব।
🖋️পঙ্কজ ৰবিদাস,তিনিচুকীয়া ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ