ফাগুনী পলাশ ¶ নবজিত শইকীয়া

Rinku Rajowar
0
ধূসৰ উদং পথাৰ      
দলিছা যেন সেউজী পাহাৰ ,
দুখৰ দোমোজাতো 
জিলিকি উঠিছা 
তুমি পলাশ ।       
ফাগুনী বতাহেও 
সিঁচি দিয়ে 
তোমাৰেই সুবাস ।। 

তুমি উতনুৱা ফাগুনী পলাশ ,
তোমাৰ ৰঙতে ৰাঙলী আৱাস।    
প্ৰতিটো সন্ধ্যাই
বঢ়াই আনে তোমাৰে হেঁপাহ।।

মৌন আকাশত মিচিকি হাঁহি , 
জিলিকি উঠিছে 
জোন-তৰালি ।   
চিনিব পাৰিছোঁ 
সন্ধিয়াৰ বিস্তৃত পৰিধি ।।
পছোৱাই আনিছে ফাগুনৰ বতৰা ,     
আকাশে খেলিছে ধুলিৰ ফাকুৱা।     
হাবাথুৰি খাই বিছাৰি পাইছো 
আজীৱন প্ৰেমিকা ।।

           🖋️নবজিত শইকীয়া
          তেজপুৰ, জামুগুৰিহাট
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)