লাগিলে প্ৰসৰ ৰ'দত ক্লান্ত হৈ ঘৰলৈ উভতিবা,
তোমাৰ কোঠাৰ দৰ্জা -খিৰিকীৰ পৰ্দাবোৰ আঁতৰাই,
বুকুত শুকুলা বৰণৰ গাৰু সাবতি ভাগৰত শুই পৰিবা।
মেডিকেল কলেজৰ টানিং পইন্টত ৰৈ থকা
নয়ন, প্ৰণৱ, তন্ময়ৰ উতনুৱা উন্মনা মনক ,
তোমাৰ ক'লা চানগ্লাচযোৰৰ তলেৰে কেৰাহিকৈ চাই,
সিহঁতৰ হৃদয়ৰ এচুকত তোমাৰ প্ৰেয়সী হোৱাৰ ভাৱনাক জগাই নুতুলিবা।
ফাগুনৰ খৰাং চিৰাল ফাট মেলা হৃদয়ত,
তোমাৰ চাৱনিত মন ফাগুনৰ মেঘৰ মাদল বাজিব,
ৰঙা মদাৰৰ ডালত কলিজা ৰঙা কৰি
ভগ্ন হৃদয় হৈ পৰিব হেপাহৰ পালতৰা নাঁও।
তুমি জানানে, তোমাৰ চানগ্লাচৰ তলৰ তামবৰণীয়া চাৱনিত
নয়ন,প্ৰণৱ,তন্ময়ক নিজান গভীৰ নিশা
টোপনি হৰণেৰে ওঁৰেটো নিশা
নোপোৱাৰ বেদনাত চটফটাই পাৰ কৰোৱাই।
গভীৰ নিশাও সজল চকুহালৰ তামবৰণীয়া কোমল পাহিত
পৰিস্ফুতিত নহয় অৱসাদগ্ৰস্তৰ চিহ্ন,
মাথো আকাশৰ জোনটোৰ সতে তৰাৰ মাজত ওমলি,
সিচি দিয়ে জোনাকৰ শুভ্ৰ পোহৰক চাৰিওফালে বিয়পায়।
প্লিজ, প্লিজ,, নিপিন্ধিবাচোন তোমাৰ ক'লা ৰংঙৰ চানগ্লাচযোৰ,
বঞ্চিত নকৰিবা তোমাৰ চকুত জিলিকি থকা মিচিকিয়া হাঁহি,
বৰফৰ দৰে চেঁচা হৈ পৰা
শতজন ভগ্ন হৃদয়ৰ প্ৰেমিকৰ হৃদয়কো
তোমাৰ চাৱনিৰে জীপাল কৰি উতনুৱা কৰি তুলিব লাগিব।
✍️ ৰাহুল জ্যোতি বৰা
মঙ্গলদৈ, দৰং,অসম ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ