প্ৰিয়তমা তুমি-যুগল কিশোৰ শৰ্মা

©Admin
0
হৃদয় কাৰেংঙৰ অভিমানী তুমি
ৰৈ আচা আহি পদুলিত তৰালী।
নিয়তিৰ প্ৰদত্তচ্ছাৰ নিদাৰুন বেলাত
তুমি-আহি মাৰিলা ভূমুকি.......!!
যদিও শুনিছো আমি ভৱিষ্যতৰ শুনানি
তৰান্বিত কৰিছো মনৰ জোনাকীক!!!
তুমি মোৰ হৃদয়ৰ আঁউসীৰ বেলিটি
নাই যে তাত কোনো বিসংগতি......!!
জীৱন জোনাকৰ নবসন পিন্ধি,
কৰিলা মোৰ মন বাউলী......!!!
জথৰ হৈ যোৱা তিক্তনুভূতি খিনিক
কৰি ব্যক্ত তুমি-মই আমি বুলি....!!
বিষভৰা হৃদয়ৰ নিঃচিহ্ন কোঠালীত,
ৰাখিছিলা গোপনে তিক্ত বেদনাখিনি...!!!
এতিয়া হোৱা নিচিন্ত তুমি......!
সংকোচহীনতাৰ বিষক্ততাই ,
নোৱাৰে চুব তোমাক আজি!!!
সাহস বিশ্বাস ৰখা তুমি....
ব্যৱহাৰ কৰিবা সময় বুজি!!!

✍️যুগল কিশোৰ শৰ্মা
কামৰূপ মহাবিদ্যালয়, চামতা
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)