মনবোৰ সদায়ে হীৰুদাই ক'বৰ দৰে "মূলত: স্বাধীন", স্মৃতি তাৰ সুগন্ধী পখিলা" । য'লৈ মন যায়, তালৈকে পাখি মেলি উৰি যায়।
এইবাৰ শৰতে ডাঙৰকৈ হাঁহি দিলে। মোৰ তন্ময়তা ভাঙি গ'ল আৰু তাৰ সতে দেৰগাঁৱৰ সমস্ত পুৰণি কথাবোৰ পাতি গ'লো। কথা পাতি গৈ থাকোতে কেতিয়া বোকাখাট পালোগৈ গমকে নাপালোঁ।গাড়ী বোকাখাত আস্থানত ৰাখিল। দুয়োটাই নামি গ'লো, তাক যে মই বাই বাই কৰিম। মনালিচা হোটেলত গৈ ৰাজীৱৰ খবৰ ল'লো। ৰাজীৱ-মনালিচা হোটেলৰ মালিকৰ পুতেক, ৰাজীৱো মোৰ কলেজীয়া ভাতৃ বন্ধু।ৰাজীৱৰ খুৰায়েকে ক'লে 'সি দেৰগাৱলৈ গ'ল' । শৰতে ক'লে 'মই ঘৰ পামগৈ, আপুনি ইয়াতে ভাত খাই লওক, নগাওঁ গধূলিহে পাবগৈ'।মই ভাত খাই বাছৰ ওচৰলৈ আহি , লগতে শৰতো আহিল। শৰতে, আমাৰ লগত একেখন বাছতে অহা এগৰাকী ভদ্ৰ মহিলা আৰু বৰ ধুনীয়া এজনী ছোৱালী দেখুৱাই ক'লে " বৰ ধুনীয়া লাগিছে সৌ ছোৱালীজনী" । শৰতে যে এইবোৰ ৰূপ উপভোগ কৰি আছে, মই জনাই নাছিলো!!!সি কোৱাত মই ভালকৈ চালো, সচাকৈ ধুনীয়া, মই মনেই কৰা নাছিলোঁ।বাছখন আস্থান নেৰালৈকে শৰৎ মোৰ লগতে থাকিল।সি ক'লে "নগাঁৱৰ পৰা উভতি আহোতে তাৰ ঘৰত সোমোৱাৰ কথা"।
বোকাখাতত, মই বহা তিনিজনীয়া চিটত, মই অকলে। মোৰ বিপৰীত দুজনীয়া চিটত সেই ভদ্ৰ মহিলা আৰু সুন্দৰী ছোৱালীজনী ।মোৰ মনলৈ আকৌ ভাহি আহি "এনী"ৰ স্মৃতি ...। (আগলৈ)
✍যুগল সন্দিকৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ