অপেক্ষা-ৰুহুল আমিন

©Admin
0
ভাবিছোঁ মই লিখিম কবিতা!
কি কৰিম ও ললিতা?

যিহে পৰিছে শব্দৰ নাটনি,
তোমাৰ-মোৰ অসম্পূৰ্ণ কাহিনী ।

মলয়া বতাহে কৰিছে আমনি,
গোলাপ ফুলৰ এজাক ফুলনি ।

হ'বানে আকৌ ‌ৰজাৰ ৰাণী ,
কৰি ৰাখিম তোমাক জীৱনৰ লগৰী।

আহিবা জানো উভতি তুমি ,
বতৰ বুলি ‌ফাগুনত ।

পাৰিম জানো ল'ব হিয়া উজাৰি ।
এন্ধাৰ ৰাতি গোপনত ।

✍ ৰুহুল আমিন।
  গোৱালপাৰা‌ মহাবিদ্যালয়
           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)