প্ৰেম-শিখামনি বৰুৱা

©Admin
0
মোৰ হৃদয়ত প্ৰেমৰ অনুভূতি তুমিয়েই সৃষ্টি কৰিলা,
এনেদৰে ঢালি দিলা অনুভূতিৰ সুধা; 
যিয়ে মোৰ হৃদয়ত আঁকিলে ৰামধেনুৰ সাতোৰঙী ৰং।
সেই ৰঙেৰে উপচি পৰিছিল মোৰ জীৱন যৌৱন।।
কেনে সুন্দৰ এই ধৰা কেনে সুন্দৰ,
নকৈ চাবলৈ শিকালা তুমি; 
সুন্দৰতাই আজি সকলোফালে বিৰাজমান।
গোটেই বিশ্বত মানৱতাৰ উৎসৱ, 
ঘৰে ঘৰে জলিছে শান্তিৰ বন্তি, 
পৰস্পৰে পৰস্পৰক প্ৰেমৰ ডোলেৰে 
এনেদৰে আঁকোৱালি আছে,যেন
জাতি ধৰ্ম বৰ্ণ এইবোৰ নি:শব্দ।।
হয়! হঠাৎ মোৰ সপোন ভাঙিল,
বিশ্বত কি মহামাৰীয়ে দেখা দিলে, 
যিয়ে এই সুন্দৰ বিশ্বক ৰোগাগ্ৰস্ত কৰি তুলিলে, 
ক'ত হেৰাল মোৰ সেই সুন্দৰ পৃথিৱী??
য'ত মাথো প্ৰেমেই কৰিছিল বিৰাজমান।।
এই ধংসকাৰী মহামাৰীয়ে মানৱৰ 
হৃদয়, বিবেক আৰু চৰিত্ৰত 
এনেদৰে ছানি ধৰিছে, যাৰ পৰা পৰিত্ৰাণ নাই।
সেয়ে আজি বিশ্বত সন্ত্ৰাস,হত্যা, লুণ্ঠন, ধৰ্ষণ 
মহামাৰীয়ে বিয়পি পৰিছে।
মানৱক আজি ৰক্ষা কৰে কোনে?
কোনে ধংস কৰিব এই মহামাৰীক??
হে প্ৰেম--আজি সমস্ত মানৱজাতিক প্ৰয়োজন তোমাৰ ।
তুমি ধৰালৈ প্লাৱন হৈ নামি আহা 
সকলোৰে হৃদয়ত এই প্ৰেমৰ মহৌষধী ঢালি দিয়া।।
যিয়ে মোৰ হৃদয়ত সৃষ্টি কৰিছিল সাতোৰঙী ৰং।
সকলো বিশ্ববাসীক এই সাতোৰঙী ৰঙেৰে বুলাই দিয়া।
তুমি পাৰিবা ।তোমাৰ অফুৰন্ত 
প্ৰেমৰ শক্তিৰে 
সমগ্ৰ মানৱ জাতিক কৰি তুলিব পাৰিবা মহামানৱ ।।

✍️শিখামনি বৰুৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)