বিনামূলীয়া শিক্ষাব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ০৪~প্ৰবন্ধ-হেমেন হাজৰিকা

©Admin
0
ব্ৰিটিছৰ আমোলৰ আৰম্ভণিৰ ইতিহাসলৈ চালে আমি দেখা পাওঁ যে ভাৰতলৈ খৃষ্টান মিছনেৰীসকল আহিছিল ১৭৫৯ চনত | তেতিয়াই তেওঁলোকে ভাৰতত ইংৰাজী মাধ্যমৰ কিছুমান স্কুল প্ৰতিষ্ঠা কৰিছিল | সেই সময়ৰ ভাৰতৰ বিশাল অঞ্চলত পাৰ্চী আৰু সংস্কৃত ভাষাতেই বেচৰকাৰীভাৱে শিক্ষাদান কাৰ্য প্ৰচলিত আছিল | শিক্ষাৰ মাধ্যম আৰু শিক্ষা চৰকাৰী নে বেচৰকাৰী হ'ব সেই লৈ ভাৰতত এক ঐতিহাসিক বিতৰ্ক হৈছিল ১৮১৭ চনৰ পৰা ১৮৩৩ চনলৈ। তাৰ আগতে ভাৰতত চৰকাৰী অৰ্থাৎ বিনামূলীয়া শিক্ষা বুলি একোৱেই নাছিল |
    ১৮১৩ চনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত গৃহীত চাৰ্টাৰ আইন ৪৩ নং অনুচ্ছেদত কোৱা হয় যে কোম্পানীৰ মিলিটাৰীৰ খৰচ , প্ৰশাসনীয় খৰচ , ব্যৱসায়িক প্ৰতিষ্ঠানৰ খৰচ বাদ দি লগতে ঋণৰ সুদ বাদ দি যি পইচা বাচিব তাৰ পৰা কমেও এক লাখ ভাৰতীয় সাহিত্যৰ উন্নতি তথা ভাৰতীয় শিক্ষিত লোকৰ উন্নতিৰ বাবে আৰু ভাৰতবৰ্ষত বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে আছুটীয়াকৈ ৰাখিব লাগে |
মাত্ৰ একলাখ টকা সমগ্ৰ ভাৰতবৰ্ষৰ বাবে | ঔপনিৱেশিক ৰাষ্ট্ৰই পদানত প্ৰজাবৰ্গক শিক্ষিত কৰি তুলি নিজৰ হাতৰ কুঠাৰ নিজৰেই ভৰিত মাৰিবই বা কিয় ? যি কি নহওক আধুনিক ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰথম চৰকাৰী পদক্ষেপ আছিল এই চাৰ্টাৰ আইন | ইয়াৰ পিছৰ চোৱাৰ মেকলেৰ প্ৰতিবেদন ( ১৮৩৫ ) আৰু চালৰ্চউদৰ নিৰ্দেশনামা ( ১৮৫৪ ) ৰ কাৰ্য্যকৰীকৰণে ভাৰতবৰ্ষত ব্ৰিটিছ নিৰ্দোশত চৰকাৰী তথা বেচৰকাৰী শিক্ষা ব্যৱস্থাৰ ব্যাপক সম্প্ৰসাৰণ ঘটালে |
১৮৫০ চন মানৰ পৰা ইংলেণ্ডত আৰম্ভ হ'ল দ্বিতীয় শিল্প বিপ্লৱ ( 2nd Industrial Revolution) তীখা ,উদ্যোগ , ৰাসায়নিক উগ্যোগ , বিদ্যুতৰ ব্যাপক ব্যৱহাৰ পেট্ৰলিয়াম নিষ্কাশন ইত্যাদিৰ লগতে ন-ন বৈজ্ঞানিক উদ্ভাৱনে ইউৰোপ আমেৰিকাৰ সমাজ জীৱনলৈ আমূল পৰিৱৰ্তন আনিলে | ব্যৱসায়-বাণিজ্যৰ শ্ৰী বৃদ্ধিৰ লগে লগে অসংখ্য পুঁজিবাদী উদ্যোগপতিৰ সৃষ্টি হ'ল | ব্ৰিটিছ  উদ্যোগপতিসকলক প্ৰয়োজন হ'ল নিজ দেশৰ বাহিৰৰ এখন অধিক বিশাল বজাৰ |
এফালেদি ইংলেণ্ডৰ দ্বিতীয় শিল্প বিপ্লৱ , অন্যহাতেদি ভাৰতত ব্ৰিটিছ শাসন ওফৰাবলৈ আৰম্ভ হ'ল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ যাক কোৱা হয় প্ৰথম স্বাধীনতা যুদ্ধ এনে পৰিস্থিতিত সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসক শ্ৰেণীক ঐতিহাসিকভাৱেই প্ৰয়োজন হৈ পৰিল বৃহৎ সংখ্যক ব্ৰিটিছ অনুগত শিক্ষিত সৈন্য-বাহিনী আৰু লগতে সমান সংখ্যক আমোলা , কেৰাণী মহৰী ব্যৱসায়ী ৰাজনৈতিক নেতা পালিনেতা আৰু বুদ্ধিজীৱী | 
     এনে এক আৰ্থ- ৰাজনৈতিক পৰিস্থিতিৰ তাগিদাতেই ১৮৮২চনত ভাৰতলৈ আহিল হাণ্টাৰ কমিচন | চৰকাৰী বিনামূলীয়া শিক্ষাৰ ব্যাপক সম্প্ৰসাৰণ ঘটিল ভাৰতত | কিন্তু শিক্ষাৰ মাধ্যম হিচাবে লৰ্ড মেকলেৰ নীতিকে বাহাল ৰাখিলে | অৰ্থাত উচ্চ শিক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ ইংৰাজী মাধ্যম আৰু স্কুলীয়া শিক্ষাৰ ইংৰাজী বিষয়টো বাধ্যধতামূলক কৰি বাকী বিষয়সমূহ মাতৃভাষাত শিকোৱাৰ ব্যৱস্থা কৰা হ'ল |

আগলৈ

✍️হেমেন বাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)