নীড়মুখী পক্ষীৰ কাকলি
শুকুলা ডাৱৰৰ ভাঁজে ভাঁজে ৰূপালী জোনৰ লুকা-ভাকু
চিকিমিকি সন্ধিয়াৰ এক নুবুজা সাঁথৰ।
আনন্দৰ মাজতেই জীৱনৰ যৱনিকা
দুঃখ-বেদনা অকোঁৱা-পকোঁৱা বাট ।
ভাবনাৰ নাও সাজি সাজি দিক্বিদিক হেৰুৱাই জীৱনে ।
মৌ-মিঠা অনুভৱৰ নদীত সাঁতুৰি সাঁতুৰি হৃদয় যন্ত্ৰনাৰ কিছু উপশম কত কবিৰ ।
ফাগুনে অনা পলাশ-মদাৰৰ ৰঙৰ আঁচলতেই জাগ্ৰত হয় বহু সপোন ।
এজাক বৰষুণৰ প্ৰয়োজন ধূলিয়ৰি বাট চিকুনি সাঁজত চাবলৈ ।
নতুন নতুন কুঁহিপাতৰ হুঁহুৰিত ফাগুনৰ মায়াসনা নাচোন।
ফাগুনৰ মিঠা আলিংগন বিৰিখে বিৰিখে ।
প্ৰেমৰ মিঠা ভাষাবোৰে মৰহা ফুলকো জীয়াব পাৰে।
নিৰিবিলি ক্ষণবোৰে ডেকা-গাভৰুজাকক হাতবাউল দি মাতে । সাজো হয় শিপিনী ব'হাগক আদৰিবলৈ
চেনেহৰ দীঘেৰে মৰমৰ বাণীৰে চেনাইলৈ বিহুৱান বয় ৰাংঢালী শিপিনীয়ে।
হিৰন্ময়ী বাসনা জগাই মন উন্মনা কৰি বসন্তৰ সুবাস বিলাই ফাগুনে।
ফাগুনৰ মলয়াৰ স'তে আজীৱন চিনাকী
সৰাপাত বোৰে খোজৰ শব্দত সাৰ পাই উঠে।
✍ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ