বিনামূলীয়া শিক্ষা ব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ০১-হেমেন হাজৰিকা

©Admin
0
দেশ অথবা ৰাজ্যৰ শিক্ষাৰ বিকাশৰ লগত সেই দেশ নাইবা ৰাজ্যৰ আৰ্থ সামাজিক অৱস্থাৰ প্ৰশ্নটো প্ৰত্যক্ষভাবে ই সাঙোৰ খাই থাকে | এখন দেশৰ অৰ্থনৈতিক উৎপাদন ব্যৱস্থাৰ স্বাৰ্থতেই শিক্ষাৰ নিজস্ব প্ৰয়োজনীয়তাও আহি পৰে | শিক্ষাৰ নিজা বুলি কোনো চৰিত্ৰ নাই | অৰ্থনৈতিক চৰিত্ৰইহে শিক্ষাৰ চৰিত্ৰ নিৰ্মাণ কৰে | শিক্ষাই অৰ্থনীতিক প্ৰভাবিতহে কৰিব পাৰে | শিক্ষা আৰু অৰ্থনীতিৰ মাজৰ এই দ্বান্দিকতাৰ উপলদ্বি যোগেদিহে আমি যিকোনো শৈক্ষিক সমস্যা এটাৰ বিজ্ঞানসন্মত সমাধান আলোচনাৰ যোগেদি উলিয়াব পাৰিম |
   ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত আমি যদি চৰকাৰী নীতি সমূহলৈ লক্ষ্য কৰো তেতিয়া আমি দেখিবলৈ পাও যে ইতিহাসৰ কোনো কোনো সময়ত ৰাষ্ট্ৰই বিনামূলীয়া শিক্ষাৰ ওপৰত গুৰুত্ব দিছে , আকৌ অন্য সময়ত সেই একেই ৰাষ্ট্ৰই শিক্ষা খণ্ডটো ব্যক্তিগত মালিক শ্ৰেণীৰ হাতত এৰি দিছে | শিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰটো একেই কথা | ৰাষ্ট্ৰই কেতিয়াবা শিক্ষাৰ মাধ্যম হিচাবে স্থানীয় ভাষাকেই বাচি লৈছে । অন্য সময়ত আকৌ এনে ভাষানীতিৰ পৰিবৰ্তন সাধন কৰি পুনৰ জাপি দিছে ইংৰাজী ভাষা | ৰাষ্ট্ৰই ঐতিহাসিক প্ৰয়োজন অনুসৰি দেশ এখনৰ চমৎকাৰেৰে শিক্ষানীতি নিৰ্ধাৰন কৰে | চৰকাৰ বা ৰাষ্ট্ৰ এখন গণতন্ত্ৰৰ আৰ বেৰ লৈ গোপনে পৰিচালনা কৰে | এক বা একাধিক ঐতিহাসিক ভাবে সৃষ্ট শাসক শ্ৰেণীয়ে শোষিত শ্ৰেণীক প্ৰতিনিধিত্ব কৰে। ৰাজনৈতিক নেতা , আমোলা , সাহিত্যিক, বুদ্ধিজীৱী আৰু ধৰ্মীয় নেতাই | ১৭৫৭ চনৰ পলাশী যুদ্ধৰ পিছৰ পৰা কেবাদশক জুৰি বিট্ৰিছ সাম্ৰাজ্যবাদী শ্ৰেণীৰ বিৰুদ্ধে ভাৰতৰ জনগনে বিশেষকৈ কৃষকসকলে ব্যাপক ভংগীত প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল | দেশপ্ৰেমীক ভাৰতীয় জনগনৰ বিট্ৰিছ বিৰোধী সংগ্ৰামে ক্ৰমান্বয়ে বিস্তৃতি লাভ কৰাত ইংলেণ্ডত থকা পুজিঁপতি সাম্ৰাজ্যবাদী সকলৰ বুকু কপি উঠিল | ব্ৰিটিছ সাম্ৰাজ্যবাদী ধন কুবেৰহঁতে আলোচনা কৰি সিহঁতৰ বিশ্বস্ত শ্ৰেণীপ্ৰতিনিধি সুচতুৰ বুদ্ধিজীৱী থমাচ বেবিংটন মেকলেক ভাৰতলৈ প্ৰেৰণ কৰে ১৮৩৪ চনৰ মাজ ভাগত | 

আগলৈ....

🖋️হেমেন হাজৰিকা  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)