আমি একবিংশ শতিকাৰ নাৰী-কবিতা~হিৰণ্য চেতিয়া গগৈ

©Admin
0
আমি একবিংশ শতিকাৰ নাৰী 
প্ৰেম বিৰহেৰে নোৱাৰে দহিব
নহ ওঁ শকুন্তলা 
নোৱাৰোঁ হব দ্ৰৌপদী;
নোৱাৰোঁ সহিব জেৰেঙা পথাৰত চাওঁদাঙৰ শাস্তি। 
আমি একবিংশ শতিকাৰ নাৰী 
বিজ্ঞান প্ৰযুক্তিৰে আগবাঢ়ি যাওঁ; আমি
প্ৰগতিৰ বাটত উন্নতি জখলা বগোৱা
সুন্দৰৰ সন্ধানী নাৰী।
যুগে যুগে আছিল লাঞ্ছিতা ধৰ্ষিতা;
তথাপিও নাৰী অনন্যা।
আজি নাৰীৰ ব্ৰজ নিনাদত
কঁপি উঠে বিনাশ কাৰী শক্তি,
আমি একবিংশ শতিকাৰ নাৰী। 

🖋️হিৰণ্য চেতিয়া গগৈ 
    টেঙা খাত ডিব্ৰুগড় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)