বিনামূলীয়া শিক্ষা ব্যৱস্থা আৰু আমাৰ ভৱিষ্যত ০৫-প্ৰবন্ধ~হেমেন হাজৰিকা

Rinku Rajowar
0


১৯১৪ চনত আৰম্ভ হ'ল প্ৰথম মহাযুদ্ধ | উপনিবেশৰ বজাৰ লৈ ইউৰোপৰ সাম্ৰাজ্যবাদী শক্তিবোৰৰ নিজৰ মাজতে আৰম্ভ হ'ল বিশ্বজোৰা মহা সমৰ | যুদ্ধই সৃষ্টি কৰা অৰ্থনৈতিক বিভীষিকাৰ ফলত মিত্ৰশক্তিৰ দেশ ৰাছিয়াত ১৯১৭ চনৰ ফ্ৰেব্ৰুৱাৰী জাৰ চৰকাৰৰ পতন ঘটে আৰু লেনিনৰ নেতৃত্বতকমিউনিষ্ট বিপ্লৱৰ আৰম্ভনি হয় | ভাৰতবৰ্ষতো বিপ্লৱী পৰিস্থিতি সৃষ্টি হ'ব বুলি ভাবি ব্ৰিটিছ চৰকাৰে ততাতৈয়াকৈ ১৯১৭ চনত ইংলেণ্ডৰ লীড্ ছ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড'মাইকেল চেডলাৰক শিক্ষাৰ সমস্যা সমাধানৰ যোগেদি বৃহত ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ভাৰতলৈ প্ৰেৰণ কৰে | চেডলাৰৰ ভাৰত ভ্ৰমণ কালতেই ৰাচিয়াত কমিউনিষ্ট সকলে ব্ৰিটিছ আৰু জাপানী সামাজ্ৰ্যবাদী শক্তিক ৰাছিয়াৰ মাটিত পৰাস্ত কৰি ৰুচ বিপ্লৱ  সফল কৰে আৰু মানৱ জাতিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাৰী পুৰুষ নিৰ্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ বাবে বিনামূলীয়া সাৰ্বজনীন মাতৃভাষাৰ শিক্ষাৰ প্ৰবৰ্তন কৰে | ৰাছিয়াত শিক্ষাৰ শতকৰা ১০০ শতাংশ দায়িত্ব ললে চৰকাৰে সকলো ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান নিষিদ্ধ ঘোষিত হ'ল | ভাৰতৰ জনগনক কমিউনিষ্ট হাতোৰাৰ পৰা আঁতৰাই ৰাখিবৰ বাবে চেডলাৰ আয়োগে অধিক ব্যাপক ৰূপত শিক্ষা সংস্কাৰ নীতি প্ৰবৰ্তন কৰে একমাত্ৰ ৰাজনৈতিক উদ্দেশ্যত মেকলেৰ নীতিক বাহাল ৰাখি চেডলাৰ কমিচনেও উচ্চ শিক্ষাত ইংৰাজী মাধ্যম আৰু মাধ্যমিক স্তৰত চৰকাৰী বিনামূলীয়া মাতৃভাষাৰ শিক্ষা প্ৰৱৰ্তন কৰিলেও বেচৰকাৰী স্তৰত প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত ইংৰাজী মাধ্যমৰ শিক্ষাৰ প্ৰচলন কৰে |
    ১৯৩৯ চনত দ্বিতীয় মহাযুদ্ধ আৰম্ভ হয় | এফালেদি জাৰ্মানীয়ে ইউৰোপ দখল কৰি গ্ৰেট ব্ৰিটেইনৰ ওপৰত আক্ৰমন চলালে , আনফালেদি জাপানে ব্ৰিটিছৰ হাতৰ পৰা ভাৰতবৰ্ষ দখল কৰিবলৈ আগবাঢ়ি আহিল | ভূতৰ ওপৰত দানহ পৰাদি চীন দেশত মাও-চে-তুঙৰ নেতৃত্বত চীনা কমিউনিষ্ট পাৰ্টীৰ লাল ফৌজে (Red army) ব্ৰিটিছ , আমেৰিকা আৰু জাপানী সাম্ৰাজ্যবাদীহঁতক চীনৰ পৰা খেদি দি চীনত কমিউনিষ্ট শাসন প্ৰতিষ্ঠা কৰে | এনে এক মহা সংকটত পৰি ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসক বৰ্গই ১৯৪৭ চনত সাম্ৰাজ্যবাদী শক্তিৰ লগত আপোচ কৰি ইতিমধ্যে মেকলেৰ নীতিৰে গঢ়দি লোৱা ক'লা চাহাবৰ হাতত ভাৰতৰ শাসনভাৰ বাহ্যিকভাবে চমজাই দি শাসনৰ বাঘজৰীডাল পিছপিনৰ পৰা ধৰি থাকিল | তাৰমানে ভাৰতবৰ্ষত আৰম্ভ হ'ল মেকলেৰ সপোনৰ নয়া উপনিবেশবাদৰ যুগ | (Neo Colonialism)  
   ইংৰাজ সকলে ১৯৪৭ চনত ভাৰত এৰি গুচি যোৱা বুলি ঢাক-ঢোল বজোৱাৰ পিছত সকলো দেশবাসীয়ে ভাবিছিল যে ভাৰতবৰ্ষৰ নতুন শাসক গোষ্ঠীয়ে দেশত এক সাৰ্বজনীন স্বাধীন আৰু উত্ পাদন মুখী শিক্ষাব্যৱস্থাৰ প্ৰবৰ্তন কৰিব যি ব্যৱস্থাত শিক্ষাৰ মাধ্যম হ'ব মাতৃভাষা ।

আগলৈ--

    🖋️ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)