ললিপপ- ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

Rinku Rajowar
0
ভিন্ন সোৱাদৰ ললিপপ লৈ
বেপাৰীসকল এতিয়া আহিব
আমাৰ গাওঁলৈ,
ঘৰে ঘৰে বাকীত বিলাব
ভিন্ন সোৱাদৰ ললিপপ ৷
মোৰ চৰাঘৰত এখন
ফলক আঁৰি দিম কেইদিনমানৰ বাবে
"ললিপপ লৈ ইয়ালৈ নাহিব,
মিঠা খাই বেয়া পাঁও মই ৷"
মই ডায়েবেটিছ ৰোগী বুলি ভুল নকৰিব,
মই স্বাভিমানী, বিবেক বিক্ৰী নকৰা
খাটি খোৱা মানুহ !!

🖋️ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)