নীলা খামৰ চিঠি-মেঘালী বৰুৱা

Rinku Rajowar
0
মৰমৰ সোণ, 

       মৰম ল'বা বুলি কোৱাৰ অধিকাৰ কনো হয়তো হেৰুৱাই পেলালোঁ। সেয়ে কেনে আছা বুলি নোসোধো নিশ্চয় সুখতে মগ্ন হৈ আছা নতুন প্ৰেমিকাৰ সৈতে। বহু দিনৰ পিছত আজি মনৰ ভাৱ বোৰ কলমেৰে জাগ্ৰত কৰিব ওলাইছো। যিদিনা গম পাইছিলো তোমাৰ নতুন প্ৰেমিকাৰ কথা, ওৰে ৰাতি শুব পৰা নাছিলোঁ। হৃদয় খন ভাগি থান বান হৈ গৈছিল। জানা সোণ, তুমি আতৰি যোৱা আজি তিনি বছৰ পিছতো মই তোমাৰ ছবি খন মোৰ মন দাপোণৰ পৰা মচি পেলাব নোৱাৰিলোঁ। হয়তো এয়াই সঁচা প্ৰেম, মোৰ বাবে। তুমিহীনতাই গ্ৰাস কৰা প্ৰতিটো সন্ধিয়াই এতিয়া মোৰ বাবে অস্থিৰ। তথাপিও মই তোমাক বেয়া পোৱা নাই তুমিয়েইতো মোক ভালপাবলৈ শিকালা। সুযোগ দিলা প্ৰেম নামৰ স্বৰ্গীয় অনুভূতি খিনি এবাৰ জুমি চাবলৈ।  আজিকালি ময়ো সুখী হবলৈ শিকিছো প্ৰতিটো দিনক লৈ, মোৰ নতুন কামবোৰক লৈ। মাজে মাজে চাওঁ তোমাৰ ফটো, আৰু চাওঁ পকোৱা আখৰেৰে লিখি দিয়া প্ৰেমপত্ৰখন। কেতিয়াবা মনত পৰেনে তোমাৰ মোলৈ। মোৰ কিন্তু মনত পৰে তোমালৈ। এৰি অহা অতীতে কেতিয়াবা ৰিঙিয়াই মাতে। উন্মাদ হৈ পৰো নষ্টালজিয়াৰ আলি কেঁকুৰিত আৰু তেতিয়াই ৰাঙলী স্মৃতিবোৰ বুকুত বান্ধি মোৰ অনুভৱ বোৰক গল্প কবিতাৰ ৰূপ দি কলমেৰে জীয়াই তোলো।

শেষত, তুমি সুখত থকাতোৱেই ভগৱানৰ ওচৰত কামনা কৰি মই মোৰ চিঠিৰ সামৰণি মাৰিলোঁ।
ইতি
তোমাৰ প্ৰহেলিকা।

🖋️ মেঘালী বৰুৱা
হাজৰিকাপাৰা,জিলা- দৰং 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)