নষ্ট প্ৰেমিকৰ ভ্ৰষ্ট চিঠি~কবিতা~আজিজুৰ ৰহমান

আকৌ এপলক তোক চাব বিচাৰোঁ!
ৰৈ যোৱা কথাবোৰ 
আকৌ তোক ক'ব বিচাৰোঁ,
আধৰুৱা গল্পৰ পূৰ্ণতা দিব বিচাৰোঁ,
তোৰ অভিমানৰ দুৱাৰ খুলি
তোৰ বুকুত প্ৰেমৰ ফুল 
আকৌ মই ফুলাব বিচাৰোঁ।

কিন্তু এয়া জানো সম্ভৱ!
তই এতিয়া অচিন ঘৰৰ
অচিন বাগিচাৰ কুমলীয়া ফুল,
মোৰ বাগিচাত এতিয়া আৰু নুফুলে
ৰক্ত কৰৱী অথবা বকুল,
শুকাই গৈছে মোৰ ধূসৰিত জীৱনৰ
প্ৰেম নামৰ ঠাৰি,
নিপিন্ধে এতিয়া মোৰ বাগিচাই
সুবাসনা গোলাপৰ ৰঙীন শাৰী।

তোৰ দেহটোক মোৰ পৰা 
আঁতৰাই লৈ গৈছ
কিন্তু নিব পৰা নাই...
তোৰ প্ৰতি থকা মোৰ নিবিড় প্ৰেম
আৰু সীমাহীন মৰম।

 নগ্ন নিশাৰ কলা চাদৰৰ আঁৰত
ভগ্ন হৃদয়ৰ ৰুদ্ধ কুঠৰীত
আজিও বাজি উঠে 
আধৰুৱা প্ৰেমৰ ধূসৰিত স্মৃতি,
আজিও সেমেকি উঠে 
মোৰ ৰক্তাক্ত দুচকু আৰু
নৈৰ দৰে বৈ যায়  
এটি এটি আবেগৰ টোপাল।

তই জানো বুজি পাবি !
এই উদং বুকুৰ হিয়া ভগা আৰ্তনাদ,
বাকৰুদ্ধ হৃদয়ৰ অতৃপ্ত নিনাদ,
তই জানো বুজি পাবি !

মই জানো,
বুজাৰ ক্ষমতা তোৰ নাই
সেয়ে...
কবিতাৰ দলিছাত মই
তোৰ অনুভৱৰ প্ৰতিচ্ছবি আঁকি লওঁ
একপক্ষীয় প্ৰেমিক হৈ 
তোৰ মাজতেই সুখৰ বাট বিচাৰি লওঁ।

আজি তোৰ বাবেই মই কবি
আৰু মোৰ বাবে তই 
এটি অপূর্ণাঙ্গ কবিতা।

✍️আজিজুৰ ৰহমান

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send