ৰঙা ফাগুনৰ নীলা নষ্টালজিয়া-প্ৰবীণ দত্ত

©Admin
0
অনুৰাধা…!
চৌদিশে সৰা পাতৰ মেলা,
যাযাবৰী ফাগুনৰ জোলোঙাত
বসন্তৰ মেটমৰা সম্ভাৰ।
চাচোন এবাৰ আকাশলৈ…
উন্মত্ত হাতী যেন 
এপাল কলিয়া ডাৱৰে আনিছে
কোন বিৰহীৰ বুকুৰ বতৰা!
কিমান বেছি হ'লে মৰমৰ বোজা
বৰষুণ হৈ নামে মেঘৰ ভালপোৱা।
কিমান বেছি হ'লে লগ পোৱাৰ হেঁপাহ 
লঠঙা ডালত
ৰঙা হৈ ফুলে অভিমানী কলিজা!
কিমান বেছি হ'লে নিঃসংগতা 
মন কেতেকীয়ে বিননি তোলে
দোপাল-পিটা বসন্তৰ নিশা।
অনুৰাধা…!
উদাস উৰুঙা কাণি-মুনি গধূলি
চিনাকি বতাহজাকে আহি
কৈ যায় কাণে কাণে…
নিভাঁজ ভালপোৱাবোৰ 
ৰঙা ফাগুনৰ নীলা নষ্টালজিয়া।

✍️প্ৰবীণ দত্ত
গৌৰীসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)