ছি:হ-কবিতা~প্ৰাঞ্জল শৰ্মা

তেখেতে কয়
পৃথিৱী হেনো জীয়াই আছে।

নাই তাই মৰিল
বহু আগত।

যিদিনা তাইক নগ্ন কৰি ৰাস্তাত দৌৰাইছিল,
ছোৱালী বুলি বুজি,
গৰ্ভতে হত্যা কৰিছিল,
সিদিনাখনেই পৃথিৱী মৰিল।


      🖊️ প্ৰাঞ্জল শৰ্মা
       

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send