নীলা খামৰ চিঠি~পৰেশ দাস

©Admin
0
হেৰুৱাও বুলিয়েতো হেৰুৱাব নোৱাৰি..
আমাৰ মৰমৰ, বুকুজুৰা এসাগৰ জোনাক..
শৃংখলিত কৰিব নোৱাৰি উৰি যোৱা শিমলুৰ বগা পোছাক...
সেয়ে অকলশৰীয়া নহওঁ কেতিয়াও...

জানো, ক'বাহি কাণে কাণে.. এয়া মইতো আছো; দুচকু মুদাচোন, চুই চাওঁ আলফুলে পুনৰ এবাৰ..'অনামী'ৰ সেই আকলুৱা মনৰ আচল।
   এক সহজ চিনাকী; কিন্তু মোৰ অসহজ ভাললগা আকুলতা তোমাৰ প্ৰতি। আৰু এদিন..মই মোক যিদিনা দেখিলো..ঘূৰি অহাৰ পথ নাছিল...জানিছিলো উভতি আহিবলৈ হ'লে পিছলৈ চাই উজুটি খাম বহুত। উজুটি খোৱাৰ ভয়, নিজক আৱিষ্কাৰৰ আনন্দ আৰু এক অদ্ভূত ভাললগা অনুভৱৰ হাত ধৰিয়েই আগুৱাবলৈ সিদ্ধান্ত ল'লো মোৰ এই নতুন বাটত; যাক এই সংসাৰৰ সৰহ সংখ্যকে অবাট নাম দিব। নাম যিয়ে নিদিয়ক আজুৰি আনিম তোমাক। মোৰ পোছাকত কোনে কি ৰং আঁকে তালৈ মই ভূক্ষেপ নকৰো। কিন্তু মই তোমাক মোৰ ভালপোৱাৰ বাবে আজুৰি আনিম। আস সুখী মই এতিয়া...চকুৰ আগত দুলি থাকে অহৰহ তোমাৰ অবয়ব; কাণত তোমাৰ গুণগুণ...সংযম, আবেগৰ মাজতো শ্ৰদ্ধাৰ মৰমৰ মাজত সমীহেৰে এক অনন্য ৰূপত তুমি মোৰ চকুৰ আগত স্থিৰ কৰিলা তোমাৰ অবয়ব। মই কোন..হয়তো পাহৰি গ'লোমই...।

   এক আকলুৱা হেঁপাহ আছে মোৰ...তোমাক সুখী কৰাৰ...জানো বাৰে বাৰে আঘাত পোৱা তুমি মোৰ বাবেই; অপমানিত হোৱা মোৰ বাবেই...তথাপিও হাবিয়াস মোলৈ...!
  " The best and the most beautiful things in this world, can't be seen,or even touched, they must be felt with the heart and that's ... That's love..."_মই গা ধুব খোজো তোমাৰ সেই ভালপোৱাৰ সাগৰত; ৰ'দ ল'ব খোজো দুখৰ দিনত সেই ভালপোৱাৰ ওচৰত...অনুভৱ কৰিব খোজো প্ৰতিটো ৰাতি উষ্ণতা... মই আজীৱন লৈ ফুৰিম এই ভালপোৱা..সুখী হোৱা...!

           ইতি তোমাৰ
                ধন


🖋️পৰেশ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)